Himanta biswa sarma:✒️জয়ৰ সর্বাধিক সম্ভাৱনা আৰু দলৰ সংগঠনলৈ আগবঢ়োৱা অৱদানৰ মূল্যায়নৰে আগন্তুক বিধানসভা নির্বাচনত কোনো এজনে প্রার্থিত্ব লাভৰ বিষয়টো বিবেচনালৈ অনা হ’ব।
একাধিক ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত দেওবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ এখন সাংগঠনিক সভাত এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।
অৱশ্যে মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রার্থিত্বৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত তেওঁ অথবা ৰাজ্যিক বিজেপিৰ সভাপতিয়ে নলয়। দলৰ শীর্ষ নেতৃত্বৰ সিদ্ধান্তই হ’ব চূড়ান্ত। সেয়েহে দলৰ জিলা প্ৰভাৰী আৰু সহকাৰী প্ৰভাৰীসকলক নিজৰ দায়িত্বৰ মাজতহে থাকিবলৈ মুখ্যমন্ত্রীয়ে সকীয়াই দিয়ে।
দায়িত্বৰ উর্ধ্বলৈ গৈ কোনো দাবীদাৰকে টিকট দিব বুলি প্রতিশ্রুতি নিদিবলৈ মুখ্যমন্ত্রীয়ে সতর্ক কৰি দিয়ে।
উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠনৰ পাছত জিলা প্ৰভাৰী আৰু সহকাৰী প্ৰভাৰী নিযুক্তি দিয়ে। শেহতীয়াকৈ মুখপাত্রও নিযুক্তি দিয়া হৈছে। নৱনিযুক্ত জিলা সভাপতি, জিলাৰ প্ৰভাৰী, সহকাৰী প্ৰভাৰী আৰু মুখপাত্রসকলক লৈ কালি অনুষ্ঠিত বৈঠকত দলৰ সংগঠনত দুর্বলতা থকা ক্ষেত্রসমূহ অতিশীঘ্ৰে চিনাক্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ উপৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে প্রভাৰীসকলক নির্দেশ দিয়ে।
জিলা সভাপতি আৰু প্ৰভাৰীসকলৰ ওপৰতে জিলা এখনৰ সাংগঠনিক ভাল-বেয়া দিশবোৰ নিৰ্ভৰ কৰিছে বুলিও তেওঁলোকে জনায়। গতিকে জিলা এখনৰ দুৰ্বলতা আৰু সবলতা চিনাক্তকৰণত যদি ভুল হয়, তাৰ সমস্ত দায়িত্ব জিলা সভাপতি আৰু প্ৰভাৰীয়ে ল’ব লাগিব বুলি তেওঁলোকে স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে যিদৰে জিলা এখনৰ সংগঠনৰ দুৰ্বল দিশবোৰ চিনাক্তকৰণৰ উদ্যোগ বিজেপিয়ে লৈছে, তেনেদৰে সবল দিশবোৰো চিহ্নিত কৰাৰ ব্যৱস্থা লোৱা হৈছে। আজিৰ সভাত অৰুণ সিঙে কয় যে সংগঠনৰ শক্তিশালী দিশবোৰ অধিক দৃঢ় কৰিব লাগিব আৰু দুৰ্বল দিশবোৰক সবল কৰিব লাগিব।
সংগঠনে আগন্তুক বিধানসভা নির্বাচনত মূল ভূমিকা ল’ব বুলি সিঙে কয়। তেওঁ এই বুলিও কয় যে এটা দলে একাধিকবাৰ শাসন কৰাৰ পাছত প্রতিষ্ঠান বিৰোধী কিছুমান বিষয় স্বাভাৱিকতে উত্থাপন হয়। তেনে বিষয়বোৰক অতি সহজে অতিক্ৰম কৰাটো সম্ভৱ কেৱল শক্তিশালী সংগঠনৰ দ্বাৰা।
দলৰ সংগঠনৰ লগত চৰকাৰৰ কাৰ্যদক্ষতা যোগ হৈ অধিক সফলতাৰে ৰাজ্যত পৰৱৰ্তী চৰকাৰ পুনৰ বিজেপিয়ে গঠন কৰিব পাৰিব বুলি সিং আৰু দলৰ উত্তৰ-পূবৰ প্ৰভাৰী সম্বিত পাত্রই কয়।
সভাত মুখ্যমন্ত্রী ড° শৰ্মাই একাধিকবাৰ এই বুলিও সোঁৱৰাই দিয়ে যে নিৰ্বাচনৰ বতাহ ইতিমধ্যে আৰম্ভ হৈছে।
চৰকাৰে নিজৰ কাম কৰি গৈছে। এতিয়া দায়িত্ব দলৰ। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই প্রসংগতে ভাষণত মুখ্যমন্ত্রীক আশ্বাস দিয়ে যে চৰকাৰৰ প্ৰতিটো শক্তিশালী পদক্ষেপৰ লগত দলৰ শক্তি যোগ হৈ পুনৰ চৰকাৰ গঠনৰ পথ সহজ কৰি তুলিব।






























