China:✒️মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শেহতীয়া স্থিতিয়ে বিশ্ব ৰাজনীতিক একপ্ৰকাৰ অস্থিৰ কৰি তোলাৰ সময়তে এক বিশেষ তাৎপর্য বহন কৰি ভাৰত আৰু চীনৰ মাজৰ দূৰত্ব হ্রাস পাবলৈ ধৰাৰ ইংগিত স্পষ্ট হৈছে। আনকি চীনে শেহতীয়াভাৱে ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত নির্মাণ কৰি থকা বিশ্বৰে বৃহত্তম বান্ধটোক লৈ থকা ভাৰতৰ উদ্বেগৰ কথা দেশখনৰ বৈদেশিক মন্ত্রী বাং য়িৰ আগত ভাৰতৰ পক্ষই ব্যক্ত কৰে।
কালি চীনৰ বৈদেশিক মন্ত্রী যিয়ে নতুন দিল্লীৰ সাত লোককল্যাণ মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভবনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত চীনা বৈদেশিক মন্ত্রীজনে অহা ৩১ আগষ্টৰ পৰা চীনৰ টিয়ানজিনত অনুষ্ঠিতব্য ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’)ৰ বৈঠকলৈ মোদীক আমন্ত্রণ জনায়।
য়িব এই আমন্ত্রণ গ্রহণ কৰি প্ৰপ্রধানমন্ত্রী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক ধন্যবাদ জনোৱাৰ লগতে এছচিঅ’ সম্মিলনৰ গুৰুত্ব ব্যাখ্যা কৰে। ইয়াৰ পূর্বে চীনা বৈদেশিক মন্ত্রীজনে দেশৰ বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত ড০ জয়শংকৰে ব্ৰহ্মপুত্ৰৰ উৎসস্থলী তিব্বতত চীনে নির্মাণ কৰি থকা বিশ্বৰ বৃহত্তম নদী বান্ধটোক লৈ ভাৰতৰ উদ্বিগ্নতাৰ কথাও প্রকাশ কৰে।
আনহাতে, চীনা বৈদেশিক মন্ত্রীজনৰ স’তে আলোচনাত মিলিত হোৱাৰ পাছত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত কয়, ‘বৈদেশিক মন্ত্রী বাং য়িক সাক্ষাৎ কৰি সুখী হ’লো। যোৱা বছৰ কাজান (বাছিয়া)ত ৰাষ্ট্ৰপতি জিৰ স’তে হোৱা মোৰ সাক্ষাতৰ পাছৰে পৰা ভাৰত-চীনৰ সম্পর্ক ধীৰে ধীৰে উন্নত হৈছে। এছচিঅ’ৰ আগন্তুক সম্মিলনত আছুতীয়াকৈ টিয়ানজিনত আমাৰ পৰৱৰ্তী আলোচনালৈ অপেক্ষা কৰিলো। ভাৰত আৰু চীনৰ মাজত সুস্থিৰ, অনুমানযোগ্য, গঠনমূলক সম্পর্কই আঞ্চলিক তথা বৈশ্বিক শান্তি আৰু সমৃদ্ধিৰ প্রতি গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব।’
সূত্রই জনোৱা মতে, দুই পক্ষৰ আলোচনাৰ সময়ত সামৰিক প্ৰযুক্তিৰ অত্যাধুনিকৰণৰ বিষয়েও স্থান পায়। উল্লেখ্য যে শেহতীয়া ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত চীনে মুকলিকৈ পাকিস্তানৰ সমৰ্থনত থিয় দিয়ে। তৎসত্ত্বেও বিশ্ব ৰাজনীতিৰ শেহতীয়া পৰিৱৰ্তিত পৰিস্থিতিয়ে ভাৰত আৰু চীনক পৰস্পৰৰ কাষ চপাই অনা বুলি চর্চা হৈছে।
সূত্রই জনোৱা মতে, চীনে ভাৰতলৈ ভূগর্ভস্থ তিনিবিধ বিৰল ধাতুও মুকলি কৰিব বুলি বৈদেশিক মন্ত্রী ড° জয়শংকৰক চীনা বৈদেশিক মন্ত্রীজনে জনাইছে। কেৱল সেয়াই নহয়, দুয়োখন দেশে সীমা বিবাদ নিষ্পত্তিৰো পোষকতা কৰা বুলি সূত্রই প্রকাশ কৰিছে। সূত্রই জনোৱা মতে, ভাৰত-চীন সীমান্ত বিষয়ক লৈ উভয় দেশে এক বিশেষজ্ঞ গোট গঠনৰ সিদ্ধান্ত লৈছে।
দুই দেশৰ সীমান্ত অঞ্চলসমূহত সীমাংকনৰ এক কার্যকৰী সূত্র সোনকালে নির্ধাৰণৰ বাবে এই বিশেষজ্ঞ গোটে কাম কৰিব।
উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে সীমা বিবাদৰ ক্ষেত্ৰত দুয়ো দেশৰ পক্ষে গ্রহণযোগ্য আৰু নিকা সমাধানৰ কথা দোহাৰি আহিছে।
অহা ৩১ আগষ্টৰ পৰা পহিলা ছেপ্টেম্বৰলৈ দুদিনীয়াকৈ টিয়ানজিনত অনুষ্ঠিত হ’ব লগা এছচিঅ’ সম্মিলনৰ সময়ত মোদীয়ে চীনা ৰাষ্ট্ৰপতি জিনপিঙৰ স’তে সীমা বিবাদ সম্পর্কত আলোচনা কৰাৰো সম্ভাবনা ব্যক্ত কৰিছে সূত্রই। যোৱা বছৰ ৰাছিয়াত অনুষ্ঠিত মোদী-জিনপিঙৰ আলোচনাই কৈলাশ-মানস সৰোবৰ যাত্ৰাৰ পথ পুনৰ মুকলি কৰে। ভাৰত ভ্ৰমণৰত চীনা বৈদেশিক মন্ত্রীজনে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ স’তেও আলোচনাত মিলিত হয়। উল্লেখ্য যে ২০২০ত গালৱান কাণ্ডৰ পাছত চীন আৰু ভাৰতৰ সম্পৰ্কৰ শোচনীয় অৱনতি ঘটে।
যোৱা বছৰ মোদী-জিনপিঙৰ আলোচনাৰ পাছত সম্পৰ্কৰ কিছু উন্নত হয় যদিও শেহতীয়া ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দুই দেশৰ সম্পৰ্ক পুনৰ জটিল হয়। ইয়াৰ পাছতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে একপ্ৰকাৰ আক্রোশমূলকভারে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা কাৰ্যই বিশ্বৰ ৰাজনীতিক একপ্ৰকাৰ অস্থিৰ কৰি তুলিছে।
এনে অৱস্থাতে চীনা বৈদেশিক মন্ত্রীজনে প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাটোৱে স্বাভাৱিকতে তাৎপর্য বহন কৰিছে। আনহাতে, দেশৰ বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি ড০ জয়শংকৰে উভয় দেশৰ স্বাৰ্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তর্জাতিক বিষয়ত বাং য়িৰ স’তে আলোচনাত মিলিত হয়। বৈদেশিক মন্ত্রীদ্বয়ৰ এই আলোচনাৰ সময়ত সীমাৰ সিপাৰৰ পৰা হোৱা সন্ত্রাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্রাসবাদক লৈ ভাৰতে গভীৰ উদ্বিগ্নতা প্রকাশ কৰে।






























