Hojai :
হোজাইৰ আদৰ্শ বজাৰত বুধবাৰে পুৱাৰে পৰা পৌৰসভাই চলোৱা উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদত বাধাৰোপ কৰাৰ অভিযোগত এজন অধিবক্তাক নিশা আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন অধিবক্তা জনৰ নাম আব্দুল আহাদ ৷ বেদখলকাৰীক উচতনি দিয়াৰও অভিযোগ অধিবক্তা জনৰ বিৰুদ্ধে।
হোজাই পৌৰসভাৰ কাৰ্যবাহী বিষয়া অসীমজ্যোতি কলিতাৰ এজাহাৰৰ ভিত্তিত হোজাই আৰক্ষীয়ে 262/25- U/S 121(2),191(3),351(3),61(2), BNS ৰ অধীনত অধিবক্তাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
ADVERTISEMENT






























