Earthquake:✒️ভূমিকম্পত কঁপি উঠিল দক্ষিণ আমেৰিকা মহাদেশৰ দক্ষিণ প্ৰান্ত। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৰম্ভিক পৰিমাণ আঠ বুলি ধৰা পৰিছে।
পিছলৈ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (USGS) ইয়াক ৭.৫ মাত্ৰালৈ সংশোধন কৰে। প্ৰাথমিক ভাৱে জনা যায় যে ভূমিকম্পৰ কেন্দ্ৰবিন্দু দক্ষিণ আমেৰিকা আৰু এন্টাৰ্কটিকাৰ মাজৰ ড্ৰেক প্ৰণালী, ১২ কিলোমিটাৰ গভীৰতাত।
আৰ্জেণ্টিনাৰ দক্ষিণৰ চহৰ উছুৱায়াৰ পৰা ৭০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত এই স্থান। ড্ৰেক প্ৰণালী দক্ষিণ-পশ্চিম আটলাণ্টিক মহাসাগৰ আৰু দক্ষিণ-পূব প্ৰশান্ত মহাসাগৰক সংযোগ কৰে।
সম্প্ৰতি ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। কিন্তু চিলিৰ হাইড্ৰ’গ্ৰাফিক এণ্ড অ’চেন’গ্ৰাফিক চাৰ্ভিচে চুবুৰীয়া ৰাষ্ট্ৰ আৰ্জেণ্টিনাৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰিছে ।
ভাৰতীয় সময় অনুসৰি আজি পুৱা ৭:৪৬ বজাত এই ভূমিকম্প অনুভৱ হয়। ততাতৈয়াকৈ প্ৰশান্ত মহাসাগৰীয় চুনামী সতৰ্কবাণী কেন্দ্ৰই অহা তিনি ঘণ্টাৰ ভিতৰত চিলিৰ উপকূলৰ বাবে চুনামী সতৰ্কবাণী জাৰি কৰে।
বৰ্তমান চিলি প্ৰশাসনে উপকূলৰ পৰা স্থানীয় লোকক উলিয়াই আনিবলৈ কাম কৰি আছে। উপকূলীয় অঞ্চললৈ কাকো যাবলৈ দিয়া হোৱা নাই।






























