শুকুলা বৰফে ঢাকি ৰখা দক্ষিণ মেৰু মহাদেশত শেহতীয়াভাবে পৰিৱেশৰ আচহুৱা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। বিশেষকৈ দক্ষিণ আমেৰিকাৰ দিশে অবস্থিত এন্টার্কটিক উপ-দ্বীপৰ পৰিৱেশ গৰম হ’বলৈ ধৰিছে। ফলত মহাদেশখনৰ এই অঞ্চলত সঘনে বৰষুণ হ’বলৈ ধৰিছে। বৰফৰ ঠাইত বৰষুণ হোৱাটো এক বিৰল ঘটনা।
সম্প্রতি এনে বিৰল পৰিস্থিতিৰে সাক্ষী হৈছে এন্টার্কটিক উপদ্বীপ। একাংশ বিজ্ঞানীৰ মতে, সমগ্র দক্ষিণ মেৰুৰ ভিতৰত এন্টার্কটিক উপ-দ্বীপ অধিক ক্ষিপ্ৰতৰে উষ্ণ হ’বলৈ ধৰিছে। আনকি বিশ্বৰ গড়তকৈয়ো এন্টার্কটিক উপ-দ্বীপৰ পৰিৱেশ অধিক ক্ষিপ্ৰতাৰে গৰম হৈছে।
ফলত বিগত কিছু বছৰৰ ভিতৰতে এই বৃহৎ অঞ্চলৰ বৰফ গলিবলৈ ধৰাৰ সম্ভাৱনা প্রবল হৈছে। অঞ্চলটোৰ এই পৰিস্থিতিক লৈ শেহতীয়াভাবে গবেষণা কৰা এটা বিজ্ঞানীৰ দলে বৰফৰ দেশৰ এই পৰিৱৰ্তনৰ তিনিটা দৃশ্যপট অংকন কৰিছে।
এই দৃশ্যপট তিনিটা সেউজগৃহ গেছ নির্গমনৰ মাত্ৰা অনুসৰি প্ৰস্তুত কৰা হৈছে। ইয়াৰে প্ৰথমটো দৃশ্যপট অংকন কৰা হৈছে উচ্চহাৰৰ সেউজগৃহ গেছ নির্গমনৰ পৰিস্থিতিত হোৱা পৰিৱৰ্তন। দ্বিতীয় আৰু তৃতীয়টো ক্রমে মধ্যম আৰু নিম্নমানৰ সেউজগৃহ নির্গমনৰ পৰিস্থিতিত প্ৰস্তুত কৰা হৈছে।
বিজ্ঞানীসকলৰ মতে, এন্টার্কটিক উপ-দ্বীপ গৰম হ’বলৈ ধৰাৰ লগে লগে কিঞ্চিৎ পৰিমাণে অৱশেষ বৃদ্ধি পাব আৰু ক্রমে ইয়াৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকি অঞ্চলটোত তুষাৰপাতৰ পৰিৱৰ্তে বৰষুণহে হ’বলৈ ধৰিব। যেতিয়া অঞ্চলটোৰ তাপমাত্রা সচৰাচৰ শূন্য ডিগ্রী চেলচিয়াছতকৈ অধিক হ’ব, তেনে পৰিস্থিতিত এন্টার্কটিক উপ-দ্বীপৰ মূলগতভাবে সলনি হ’ব। ইতিমধ্যে এন্টার্কটিক উপ-দ্বীপত প্রতিকূল বতৰে পৰিৱেশ বিঘ্নিত কৰিছে।
২০২০ৰ ফেব্ৰুৱাৰীত বলা এক শীত প্রবাহে অঞ্চলটোৰ তাপমাত্রা ১৮.৬ ডিগ্রী চেলচিয়াছ পর্যন্ত বৃদ্ধি কৰে। এয়াই হৈছে এন্টার্কটিকৰ ইতিহাসৰ ভিতৰতে প্রথম উষ্ণ বতৰ। কাজেই বৰফৰ খাজ অভিলেখ সৃষ্টি কৰি গলিবলৈ ধৰে।কোৱা হয় যে তুষাৰে বৰষুণ ভাল নাপায়। অর্থাৎ তুষাৰপাত হোৱাৰ সময়ত বৰষুণ নহয়।
যেতিয়া বৰষুণ হয়, তেনে সময়ত তুষাৰপাত বন্ধ হয়। এন্টার্কটিক উপদ্বীপৰ ক্ষেত্ৰত দেখা গৈছে যে বৰষুণে তাপ আৰু বৰফৰ গলন দুয়োটাই কঢ়িয়াই আনে। ফলত হিমবাহসমূহ পৰিপুষ্টিৰ অভাৱত ভোগে। বৰফ গলি সৃষ্টি কৰা পানীয়ে হিমবাহৰ বুকু ভৰাই পেলায়। ফলত অধিক হাৰত বৰফ গলিবলৈ ধৰে। কাজেই এন্টার্কটিকাৰ এই অস্বাভাৱিক পৰিস্থিতিয়ে সমগ্ৰ বিশ্বৰ বাবে অশনি সংকেত কঢ়িয়াইছে।
ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত বতৰে ভয়াৱহ ৰূপ লোৱা দেখা গৈছে। অলপতে দেশখনৰ কোনো কালে তুষাৰপাত নোহোৱা অঞ্চলটো তুষাৰপাত হৈ জনজীৱন বিপর্যস্ত কৰি তোলে।
জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই দক্ষিণ মেৰু মহাদেশক এনে পৰিৱৰ্তনে চুইছে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। এই সম্পর্কত বিজ্ঞানীসকলে লগতে কয় যে এন্টার্কটিক উপ-দ্বীপ বৰষুণৰ স্থলীলৈ পৰিণত হোৱাৰ ফলত যি পৰিৱৰ্তন হ’ব, সিয়ে সৃষ্টি কৰিব পৰা জটিল পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ মানুহ সক্ষম নহ’ব।
আনহাতে, এন্টার্কটিকাৰ উষ্ণতা বৃদ্ধি পালে মহাদেশখনত মানুহে বসতি স্থাপন কৰাৰো সম্ভাৱনা আছে। যদি তেনে পৰিস্থিতিৰ উদ্ভৱ হয়, তেন্তে দক্ষিণ মেৰু মহাদেশতো পর্যটন আৰু মৎস্য উদ্যোগ গঢ়ি উঠিব পাৰে। ইয়ে দক্ষিণ মেৰুৰ পৰিৱেশ সম্পূৰ্ণৰূপে সলনি কৰাৰ আশংকা আছে।
এই সম্পর্কত একাংশ বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে দক্ষিণ মেৰুৰ আলেকজেণ্ডাৰ দ্বীপত বৰফৰ গলনৰ পৰিমাণ নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। ইয়াকে লৈ ১৯৯০ দশকৰ অন্তিম ভাগৰ পৰা মাৰ্ছ ওৱেইচিছ শীর্ষক এক পৰিৱেশতন্ত্র গৱেষণা সংস্থাই অধ্যয়ন কৰি আছে। একাংশ বিজ্ঞানীৰ মতে, দক্ষিণ মেৰু মহাদেশত অধ্যয়নৰ বাবে ৯২টা স্থান চিহ্নিত কৰা হৈছে। দুটা শতিকাজোৰা গৱেষণা আৰু অন্বেষণৰ জৰিয়তে এই স্থানসমূহ চিনাক্ত কৰা হৈছে।
বিজ্ঞানীসকলৰ মতে, এন্টার্কটিকাৰ উষ্ণতা ১.৫ ডিগ্রী চেলচিয়াছৰ তলত ৰাখিব নোৱাৰিলে অঞ্চলটো সম্পূর্ণৰূপে সলনি হ’ব।






























