Strong protests against Jamiat Ulema-e-Hind in Assam:
অসমত অব্যাহত থকা উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত আৰু গ্ৰেপ্তাৰৰ দাবী কৰা জমিয়ত উলেমা-ই-হিন্দৰ বিৰুদ্ধে শনিবাৰে বিভিন্ন জাতীয় দল- সংগঠন সৰৱ হৈ পৰে ৷ ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰি মেহমুদ মাদানীৰ পুত্তলিকা দাহ কৰে ৷
ধেমাজিত আটাছু, বীৰ লাচিত সেনাকে ধৰি বিভিন্ন দল সংগঠনে চহৰৰ মাজমজিয়াত অৱস্থান কৰি মাদানীৰ পুত্তলিকা দাহৰ লগতে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ অসমত কোনো মাদানীৰ কথা মতে নচলিব বুলি আটাছুৱে হুংকাৰ দিয়ে ৷
একেদৰে জমিয়ত উলেমা-ই-হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে শিৱসাগৰ আৰু লখিমপুৰতো অসমীয়া যুৱ মঞ্চৰ কমৰ্কতাই মাদানীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
উল্লেখ্য যে, শুকুৰবাৰে নতুন দিল্লীত জমিয়ত উলেমা-ই-হিন্দ সহ কে’বাটাও মুছলিম সংগঠনৰ এক যৌথ সভাত অসমত হৈ থকা উচ্ছেদ আৰু মুছলমান বিৰুদ্ধে ঘৃণাসূচক পদক্ষেপ লোৱাৰ বাবে জগৰীয়া কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক তৎকালেই অপসাৰণ আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে জমিয়তৰ মুৰব্বী মেহমুদ মাদানীয়ে ৷ আনকি সংগঠনটোৱে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক জনাইছিল ৷
ইয়াৰ পিছতে ৰাজ্যজুৰি জমিয়তৰ বিৰুদ্ধে সৰৱ হৈ পৰে জাতীয় দল -সংগঠন ৷ ইতিমধ্যে কালিয়ে আছু ,সদৌ অসম সত্ৰ মহাসভা সহ বিভিন্ন জাতি- জনগোষ্ঠীয় সংগঠনে জমিয়তৰ অসম বিৰোধী কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে অসম চৰকাৰে অব্যাহত ৰখা উচ্ছেদৰ প্ৰতি সমৰ্থন আগবঢ়াই ৷






























