CM Yogi Adityanath:✒️প্ৰায় চাৰি দশকৰ অন্তত মহাকাশ ভ্ৰমণত পুনৰবাৰ এজন ভাৰতীয়ই সফলতা লাভ কৰিছে। লক্ষ্ণৌৰ বাসিন্দা কেপ্তেইন শুভাংশু শুক্লা ১৮ দিন মহাকাশত কটাই ঘৰলৈ উভতি আহে।
সোমবাৰে লক্ষ্ণৌৰ লোকভৱনত অনুষ্ঠিত এক বিশেষ নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জনোৱা হয়।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সাফল্যক উত্তৰ প্ৰদেশ আৰু সমগ্ৰ জাতিটোৰ বাবে অপৰিসীম গৌৰৱৰ বিষয় বুলি উল্লেখ কৰিছে। তেওঁ কয়,শুভাংশুৰ মহাকাশ যাত্ৰা দেশৰ নৱপ্ৰজন্মৰ বাবে এক বৃহৎ প্ৰেৰণা।
অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুভাংশুক এখন চাল আৰু স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়। উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু বৃজেশ পাঠক আৰু মেয়ৰ সুষমা খাদকৱালে তেওঁৰ পৰিয়ালৰ সদস্যক অভিনন্দন জ্ঞাপন কৰে।
এই সম্বৰ্ধনা অনুষ্ঠানত শুভাংশু শুক্লাৰ ১৮ দিনৰ মহাকাশযাত্রাৰ ওপৰত তৈয়াৰী একটি সংক্ষিপ্ত চলচ্চিত্র প্রদর্শন কৰা হয়। য’ত দেখুওৱা হৈছে যে তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ৰ পৰা কেনেকৈ পৃথিৱীক ৩২০ বাৰ প্ৰদক্ষিণ কৰিছিল।
আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ বাবে শুভাংশু শুক্লা নামৰ বিশেষ বৃত্তি মুকলি কৰা হ’ব।
যোগী আদিত্যনাথে জনায় যে, মাত্ৰ তিনি-চাৰি বছৰৰ আগতেও উত্তৰ প্ৰদেশৰ কোনো বিশ্ববিদ্যালয়ত মহাকাশ প্ৰযুক্তিৰ পাঠ্যক্ৰম নাছিল।
কিন্তু এতিয়া ১২খনতকৈও অধিক প্ৰতিষ্ঠানে এনে পাঠ্যক্ৰম আৰম্ভ কৰিছে। ভাৰতৰ উন্নয়নত উত্তৰ প্ৰদেশৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতিফলন এয়া।
মুখ্যমন্ত্রীয়ে কয়, “শুভাংশ শুক্লাৰ পিতৃয়ে আগতে ৰাজ্যিক সচিবালয়ত কাম কৰিছিল৷তেওঁৰ পুত্ৰই আজি কেৱল উত্তৰ প্ৰদেশকে নহয় সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে।”
এই অনুষ্ঠানত শুভাংশ শুক্লাই নিজেই যুৱক-যুৱতীসকলক সম্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলক মহাকাশ প্ৰযুক্তিবিদ্যাত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰে।
তেওঁ কয়, “আজিৰ যুৱক-যুৱতীসকলৰ হাতত মহাকাশ অভিযানৰ দৰে নতুন উচ্চতাত উপনীত হোৱাৰ অগণন সুযোগ আছে, যিবোৰ আগতে কেতিয়াও দেখা পোৱা নাছিল। এই যাত্ৰা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ই আমাৰ দেশৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাৰ এক নতুন দিশ।”






























