Nagaon:
প্রকৃতিৰ ৰোষত পৰিল বিগত ১০-১২ বছৰ ধৰি কল-কাকলিৰে বিনন্দিয়া পৰিৱেশ সৃষ্টি কৰি থকা চামগুৰি বকুলতলৰ শামুকভঙা চৰাই জাকটো। যোৱা নিশা অহা প্রবল বতাহ-বৰষুণত পৰিভ্ৰমী পক্ষীৰ জাকটোৰ বাহ চূড়মাৰ কৰে। ফলত শতাধিক পক্ষীৰ মৃত্যু হয়। তদুপৰি আন বহুসংখ্যক আহত হয়। পক্ষীবোৰৰ এই পৰিণতিয়ে স্থানীয় ৰাইজক শোকাহত কৰিছে।
উল্লেখ্য যে চামগুৰিৰ বকুলতলৰ কলঙৰ পাৰত থকা কে’বা জোপা গছত আশ্রয় লৈ আছিল তিনি শতাধিক পৰিভ্ৰমী শামুকভঙা পক্ষীয়ে। বিগত ১২-১৩ বছৰে এই গছসমূহতে বাস কৰি আছিল এই পক্ষীবোবে। শামুকভঙা চৰাইৰ কল-কাকলিত মুখৰিত হৈ আছিল বকুলতলৰ কলঙৰ পাৰ; দুর্ভাগ্যৰ বিষয়টো হ’ল যে যোৱা নিশা অহা এজাক প্রবল বতাহ-বৰষুণে প্রাণকাঢ়ি নিলে শতাধিক চৰাইৰ।
তদুপৰি ওখ গছবোৰৰ পৰা তলত পৰি মৃত্যু হয় শতাধিক পক্ষীৰ। আনহাতে, আহত হয় শতাধিক চৰাইৰ পোৱালিসহ শামুকভঙা চৰাই। কালি পুৱা এই দৃশ্য প্রত্যক্ষ কৰি দুখত ভাগি পৰে স্থানীয় ৰাইজ। স্থানীয় বহুতে পক্ষীবোৰৰ দুখ-দুর্দশা প্রত্যক্ষ কৰি চকুলো টোকে।
ADVERTISEMENT






























