Supreme Court Judgement:
কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰেই হওক তদর্থ ভিত্তিক কর্মী নিযুক্তি দি কাম চলাই নিব নোৱাৰিব। বিত্তীয় সমস্যাৰ অজুহাত দি দীর্ঘদিন ধৰি নিয়োজিত হৈ থকা অস্থায়ী বা তদর্থ ভিত্তিক কর্মীক স্থায়ী নিযুক্তি নিদিয়াকৈও থাকিব নোৱাৰিব চৰকাৰে।
অলপতে এনে এক কঠোৰ নিৰ্দেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে। এই নির্দেশ জাৰিৰ সময়ত ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বিত্তীয় সমস্যাৰ অজুহাত দি চৰকাৰে দীৰ্ঘদিন ধৰি নিয়োজিত তদর্থ ভিত্তিক নিযুক্ত কর্মীসকলক নিয়মীয়াকৰণ বা তেওঁলোকক সমহাৰৰ দৰমহাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আউটছ’র্চিঙক চৰকাৰী কামত নিয়োজিতকৰণৰ উপায়ৰূপে কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰেই হওক কোনেও গ্রহণ কৰিব নোৱাৰিব বুলিও নির্দেশটোত ন্যায়ালয়ে উল্লেখ কৰিছে।
ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ এখন বিচাৰপীঠে এই নির্দেশ জাৰি কৰি কয়, ‘যি কাম মজ্জাগতভাৱে স্থায়ী, তেনে কামত নিকা নিযুক্তিৰ পৰা ফালৰি কাটি আৰু অনিশ্চয়তাক বৰ্তাই ৰখাত আউটছ’র্চিং এক সুবিধাজনক ঢালত পৰিণত হ’ব নোৱাৰে।’ চৰকাৰ (কেন্দ্ৰই হওক বা ৰাজ্যই হওক) বেহা-বেপাৰৰ স’তে জড়িত সংস্থা নহয় বুলি ন্যায়ালয়ে মন্তব্য কৰে। দুজনীয়া বিচাৰপীঠখনৰ অন্যতম বিচাৰপতি ন্যায়াধীশ নাথে কয়, ‘ৰাষ্ট্ৰ (কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োখনক ধৰি) বেহা-বেপাৰ কৰা সংস্থা নহয়, ই হৈছে সাংবিধানিক নিয়োগকর্তা।
স্থায়ী ৰাজহুৱা কাম-কাজ আৰু সবাতোকৈ বুনিয়াদী কাৰ্য সম্পাদন কৰাসকলৰ পিঠিত ৰাষ্ট্ৰই বাজেটৰ ভাৰসাম্য মিলাব নোৱাৰে। যি কাম দিনৰ পাছত দিন ধৰি আৰু বছৰৰ পাছত বছৰ ধৰি চলি থাকে, তেনে কামৰ ক্ষেত্ৰত চৰকাৰে অনুমোদিত কৰ্মচাৰী আৰু নিযুক্তি ব্যৱস্থাৰ বাস্তৱৰ প্ৰতিফলন ঘটাবই লাগিব।’ উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ দিন মজুৰি কৰা শ্ৰমিকসকলে দাখিল কৰা এক আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই ৰায়দান কৰে।
বিত্তীয় সমস্যা আৰু খালী পদ নথকাৰ অজুহাতত উত্তৰ প্ৰদেশ উচ্চ শিক্ষা সেৱা আয়োগে এইসকলৰ চাকৰি নিয়মীয়াকৰণ অস্বীকাৰ কৰে। আয়োগৰ এই স্থিতিক প্রত্যাহ্বান জনাই শ্রমিকসকল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ৰায়দানত ন্যায়াধীশ নাথে লিখে যে অস্থায়ী কৰ্মীৰ চাপ লগাই দীঘলীয়া সময় ধৰি নিয়মীয়া কাম আদায় কৰিলে লোক প্রশাসনৰ ওপৰত থকা আস্থাত খহনীয়াৰ সৃষ্টি হয় আৰু সম সুৰক্ষাৰ প্ৰতিশ্ৰুতিলৈ প্রত্যাহ্বান আনে।
এই সম্পর্কত ন্যায়ালয়ে লগতে কয়, ‘ৰাজহুৱা নীতিত নিশ্চিতভাৱে বিত্তীয় কঠোৰতা থাকে। কিন্তু ই এটা তাবিজ নহয় যে যি সঠিকতা, যুক্তি আৰু আইনগতভাৱে কৰ্ম সংগঠিত কৰা কৰ্তব্যক অতিক্ৰম কৰিব পাৰে।’ ন্যায়ালয়ে লগতে নির্দেশ দিয়ে যে চৰকাৰী বিভাগসমূহে শুদ্ধ বিভাগীয় পঞ্জীয়ন বহী, মাষ্ট্ৰৰ ৰোল আৰু আউটছ’চিঙৰ যা-যোগাৰৰ তথ্য লগত ৰাখিবই লাগিব আৰু দেখুৱাব লাগিব।
তদুপৰি যেতিয়া স্থায়ী কামত অনুমোদিত পদতকৈ অনিশ্চিত নিযুক্তিক অগ্রাধিকাৰ দিলে তাৰ কাৰণ সাক্ষ্য-প্রমাণসহ চৰকাৰী বিভাগসমূহে ব্যাখ্যা কৰিবই লাগিব বুলি ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰে। এই নির্দেশত ন্যায়াধীশ নাথে কয়, য’ত প্রশাসন ধূসৰ হৈ থাকে, তাত তদর্থ ভিত্তিক নিযুক্তি প্রস্ফুটিত হয়। দীঘলীয়া অসুৰক্ষাৰ ফলত হোৱা মানুহৰ অৱস্থাৰ প্ৰতি সংবেদনশীলতা আৱেগিক নহয়। ই হৈছে সাংবিধানিক শৃংখলা। এনে শৃংখলা অনুসৰি চৰকাৰী কাৰ্যালয় চলাই ৰখাসকলক প্ৰতিটো সিদ্ধান্তই জনোৱা উচিত।’
ন্যায়ালয়ে লগতে কয় যে দীর্ঘকাল ধৰি তদর্থ ভিত্তিক কার্যনির্বাহে কর্মস্থলীত কেৱল অসুৰক্ষা প্ৰৱল কৰি তোলে। নিযুক্তিৰ ক্ষেত্ৰত কৰ্তব্য, স্থায়ী সময়ৰেখা আৰু পৰীক্ষণযোগ্য নমনীয় নীতি-নিয়ম স্পষ্ট হৈ থাকিব লাগিব বুলিও ন্যায়ালয়ে উল্লেখ কৰে। এই সম্পৰ্কত ন্যায়ালয়ে আৰু কয়, ‘এক সাংবিধানিক নিয়োগ কৰ্তাৰূপে ৰাষ্ট্ৰই এক উচ্চতৰ মান বৰ্তাই ৰখা বুলি ধৰা হয, গতিকে চৰকাৰে স্থায়ী কাম কৰা কৰ্মীসকলক অনুমোদিত পদত নিযুক্তি দিব লাগিব, আইনগত নিয়োগৰ বাবে এক বাজেট সৃষ্টি কৰিব লাগিব আৰু ন্যায়িক নির্দেশনাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। এই বাধ্যবাধকতাসমূহ মানি চলাত পলম কৰাটো মাথোঁ অৱহেলাই নহয়, লগতে ই হৈছে অস্বীকাৰৰ এক সচেতন পদ্ধতি। যিয়ে এই কৰ্মীসকলৰ জীৱন-জীৱিকা আৰু মৰ্যাদা হানি কৰে।
ADVERTISEMENT






























