লক্ষ্ণৌৰ ফটকা কাৰখানাত বিস্ফোৰণ!

মালিকৰ পৰিয়ালৰ চাৰিজন সদস্য নিহত, আহত কেবাজনো

1756629377 blast

Lucknow: ✒️দেওবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এটা ফটকা কাৰখানাত সংঘটিত হয় এক বৃহৎ বিস্ফোৰণ। গুণ্ডৱা অঞ্চলৰ এটা ফটকা কাৰখানাত সংঘটিত হয় এই বিস্ফোৰণ।

প্ৰাথমিক তথ্য অনুসৰি এই বিস্ফোৰণত কাৰখানাৰ মালিক, তেওঁৰ পত্নী আৰু দুটা সন্তানৰ মৃত্যু হৈছে। আন কেবাজনো আহত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দেওবাৰে দুপৰীয়া তেওঁলোকে তীব্ৰ বিস্ফোৰণৰ শব্দ শুনে। তাৰ পাছত তেওঁলোকে আতচবাজী কাৰখানাৰ ছাদ উৰি গৈছে।

অঞ্চলটোৰ চাৰিওফালে ধোঁৱাই আৱৰি ধৰে। লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কাম আৰম্ভ কৰে।

স্থানীয় লোকে দাবী কৰিছে যে কাৰখানাটোৰ এটা ভাঙি যোৱা অংশৰ তলত কেবাজনো লোক আবদ্ধ হৈ আছিল ।

এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন আৰু উদ্ধাৰকাৰীৰ দল । আৰক্ষীৰ সূত্ৰ অনুসৰি বৰ্তমানৰলৈকে চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে ।ইফালে আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে কাষৰ কেবাটাও ঘৰৰ খিৰিকী ছিন্নভিন্ন হৈ পৰিছে।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ জিলা প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। লক্ষ্ণৌৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী আয়ুক্তই সেই স্থান পৰিদৰ্শন কৰি পৰিস্থিতি পৰিদৰ্শন কৰে।

Exit mobile version