Education:✒️ছাত্র-ছাত্রীক বিনামূলীয়া ইউনিফর্ম যোগান, মধ্যাহ্ন ভোজন, চাইকেল আদিৰ সুবিধা প্ৰদানৰ পাছতো দেশত নিতৌ হ্রাস পাবলৈ ধৰিছে চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ নামভর্তি।
আনকি ২০২৪-২৫ত সমগ্র দেশত চৰকাৰী স্কুলত নামভর্তি ১১ লাখ হ্রাস পায়। এই তথ্য স্বয়ং কেন্দ্ৰীয় চৰকাৰে প্রকাশ কৰিছে। মাথোঁ এটা বর্ষতে এনেদৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ্রাসক লৈ বহুতে উদ্বেগ প্রকাশ কৰিছে।
উল্লেখ্য যে প্রাক প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক পর্যন্ত জিলাভিত্তিক তথ্য সংগ্ৰহ কৰি কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ে উক্ত প্রতিবেদন প্রস্তুত কৰিছে। এই প্রতিবেদনত দেখা গৈছে যে ২০২৩-২৪ত সমগ্র দেশত ২৪.৮০ কোটি ছাত্ৰ-ছাত্ৰী চৰকাৰী স্কুলত ভর্তি হৈছিল। কিন্তু ইয়াৰ পাছৰ বৰ্ষ অর্থাৎ ২০২৪-২৫ত চৰকাৰী স্কুলত নামভর্তি কৰা ছাত্র-ছাত্ৰীৰ সংখ্যা ২৪.৬৯ কোটিলৈ হ্রাস পায়।
অৰ্থাৎ এটা বছৰতে চৰকাৰী স্কুলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১১ লাখ কমে। উক্ত প্রতিবেদন অনুসৰি চৰকাৰী স্কুলত মূলতঃ ল’ৰাৰ নামভর্তি হ্রাস পাইছে। ছোৱালীৰ নামভৰ্তিৰ সংখ্যা সামান্য হ’লেও বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি ২০২২-২৩ত দেশত ছাত্র-ছাত্রীৰ নামভর্তি হ্রাস পাই ২৫.১ কোটি হৈছিল। ইয়াৰ বাবে মূলতঃ ক’ভিড মহামাৰীক জগৰীয়া কৰা হৈছিল। মহামাৰীৰ ভয়ত বহু পিতৃ-মাতৃয়ে সন্তানক স্কুলত নামভর্তি নকৰালে বুলি ধাৰণা কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল যে বিগত তিনি বছৰত চৰকাৰী স্কুলত ছাত্র-ছাত্রীব নামভৰ্তিৰ সংখ্যা কমেও ৫০ লাখ হ্রাস পায়।
অৱশ্যে এই সম্পর্কত কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ এজন বিষয়াই কয় যে উক্ত প্রতিবেদনক লৈ উদ্বিগ্ন হ’বলগীয়া হোৱাৰ কোনো কাৰণ নাই। কৰ’না মহামাৰীৰ পাছৰ পৰা তথ্য সংগ্ৰহৰ প্রক্রিয়া সলনি হোৱাত ছাত্র-ছাত্রীৰ নামভৰ্তিৰ সংখ্যা কম হোৱা যেন বোধ হৈছে বুলি বিষয়াজনে ক’ব খোজে।
বিষয়াজনৰ মতে পূর্বে একেজন ছাত্ৰৰ নাম তালিকাত বহুবাৰ উল্লেখ আছিল। পাছলৈ এনে ত্রুটি আঁতৰোৱা হয়। তদুপৰি জনবিন্যাস সলনিক ছাত্ৰ-ছাত্ৰীৰ নামভর্তি হ্ৰাসৰ বাবে দায়ী কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াৰ মতে দেশত জন্মৰ হাৰ হ্রাস পাবলৈ ধৰিছে। ফলত জনবিন্যাস সলনি হৈছে।
আনহাতে, উক্ত প্রতিবেদন মতে ছাত্ৰ-ছাত্ৰীৰ নামভর্তি মূলতঃ চৰকাৰী বা চৰকাৰী সাহায্যপ্রাপ্ত বিদ্যালয়সমূহত হ্রাস পাইছে। ২০২২-২৩ত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত বিদ্যালয়সমূহত নামভৰ্তি কৰা ছাত্র-ছাত্রীৰ সংখ্যা আছিল ১৩.৬২ কোটি। ২০২৪-২৫ত এই সংখ্যা ১২.১৬ কোটি হয়।
ইয়াৰ বিপৰীতে ব্যক্তিগত স্কুলসমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। ব্যক্তিগত বিদ্যালয়সমূহত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০২২-২৩ৰ ৮.৪২ কোটিৰ পৰা ২০২৪-২৫ত ৯.৫৯ কোটিলৈ বৃদ্ধি পায়। চৰকাৰী তথ্য অনুসৰি সমগ্র দেশৰ ৩৯ শতাংশ ছাত্র-ছাত্রীয়ে ব্যক্তিগত স্কুলত পঢ়া-শুনা কৰে।
কেৱল সেয়াই নহয়, ২০২৪-২৫ত সমগ্র দেশত ব্যক্তিগত স্কুলৰ সংখ্যা প্রায় ৪৮ হেজাৰ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে উক্ত বৰ্ষত সমগ্র দেশত প্রায় ৫০ হেজাৰ চৰকাৰী স্কুল বন্ধ হয়। আনহাতে চৰকাৰী স্কুলীয়া শিক্ষাৰ এনে দুৰৱস্থাৰ বাবে বিজেপিক দায়ী কৰিছে একাংশ বিৰোধীয়ে। পশ্চিমবংগৰ শিক্ষামন্ত্রী ব্রাত্য বসুরে অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে দেশৰ শিক্ষা ব্যৱস্থাক বিক্ৰী কৰি দিবলৈ বিচাৰিছে।
আনহাতে, বহুতৰ মতে স্কুলত মধ্যাহ্ন ভোজন বা চাইকেল বিতৰণে এক শ্ৰেণীৰ মানুহকে আকৰ্ষণ কৰিব পাৰে। সৰু-সুৰা চহৰ-নগৰ বা গাঁরে-ভূঞেও আইচিএচি বা চিবিএছচিৰ স্কুলৰ সংখ্যা বৃদ্ধি পোৱাত অভিভাৱকসকলে চৰকাৰী স্কুললৈ ছাত্র-ছাত্রীক পঠিয়াবলৈ ইচ্ছা নকৰা হৈছে।
উপায়ান্তৰ হৈহে দৰিদ্র, নিম্নবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী স্কুললৈ ল’ৰা-ছোৱালীক পঠিয়ায়। ইপিনে, চৰকাৰী স্কুলৰ এনে শোচনীয় অৱস্থাৰ বাবে বহুতে ২০২০ৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক জগৰীয়া কৰিছে। এইসকলৰ মতে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ বেচৰকাৰীকৰণ আৰু বাণিজ্যিকীকৰণ কৰাৰ কুফল পৰিছে চৰকাৰী স্কুলীয়া শিক্ষাত।
আগন্তুক দিনত ইয়াৰ পৰিণাম ঘাইকৈ দৰিদ্ৰ আৰু নিম্নবিত্তৰ লোকে অধিক ভোগ কৰিব লাগিব বুলি একাংশই আশংকা কৰিছে। কাৰণ চৰকাৰী স্কুলসমূহত প্রয়োজন সংখ্যক শিক্ষকৰ অভাৱ, আন্তঃগাঁথনি আৰু অত্যাধুনিক সা-সৰঞ্জামৰ অভাৱৰ বাবে অৱস্থাসম্পন্ন পৰিয়ালসমূহে ল’ৰা-ছোৱালীক চৰকাৰী স্কুললৈ নপঠিওৱা হৈছে।
ইপিনে, এটা শিক্ষক সংগঠনৰ মতে দেশত আধাতে শিক্ষা ত্যাগ কৰা ল’ৰা-ছোৱালীৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। এনে ল’ৰা-ছোৱালীৰ সংখ্যা মাধ্যমিক স্তৰত সৰ্বাধিক বুলি শিক্ষক সংগঠনটোৱে উদ্বেগ প্রকাশ কৰিছে। অর্থাৎ নৱম-দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বহুতৰ মনত শিক্ষা ত্যাগ কৰা প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে।






























