Google:✒️ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে এতিয়া তথ্য আহৰণৰ বাবে গুগলৰ ছাৰ্চ ইঞ্জিনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিবলৈ ধৰিছে কৃত্রিম বুদ্ধিমত্তা (এআই) আধাৰিত বিভিন্ন চেটবট।
আমেৰিকা আৰু ব্রিটেইনৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত গুগলৰ পৰিৱৰ্তে তথ্য আহৰণৰ নিৰ্ভৰযোগ্য মাধ্যমত পৰিণত হৈছে চেটজিপিটিৰ দৰে এআই চেটবটছ।
ফিউচাৰ এআই চেন্টিমেন্ট ৱেব-৩ৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি আমেৰিকাৰ ৫৫ শতাংশ আৰু ব্রিটেইনৰ ৬২ শতাংশ লোকে এতিয়া ছাৰ্চ ইঞ্জিনৰ পৰিৱৰ্তে এআই চেটবট ব্যৱহাৰ কৰিছে।
ব্যৱহাৰকাৰীসকলে কয় যে গুগলত লিংক আৰু বিজ্ঞাপনৰ ভিৰ অধিক, কিন্তু এআয়ে প্রত্যক্ষভাৱে আৰু সঠিকভাৱে উত্তৰ দিব পাৰে বা তথ্যৰ যোগান ধৰে।
এই কাৰণত এতিয়া আমেৰিকা, ব্রিটেইনৰ দৰে দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ বাবে গুগলৰ তুলনাত এআই চেটবট অধিক আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হৈছে।






























