Tutor Teacher Association Protest in Guwahati: শিক্ষক দিৱসৰ দিনাই লতাশিল খেলপথাৰত শিক্ষকৰ অনশনো

teacher new

Tutor Teacher Association Protest in Guwahati:

শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত শিক্ষকে ৰূপায়ণ কৰিলে আন্দোলনৰ কাৰ্যসূচী ৷ প্ৰাদেশিকীকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ,টেট পৰীক্ষা অবিহনে শিক্ষকলৈ উন্নীতকৰণ,সীমিত মজুৰিৰ সলনি নিয়মীয়া স্কেল পে প্ৰদানৰ দাবীত প্ৰাদেশিকীকৃত টিউটৰ শিক্ষক সংস্থাৰ আহ্বানক্ৰমে কে’বা শতাধিক শিক্ষকে শুকুৰবাৰে মহানগৰীৰ লতাশিল খেলপথাৰত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অনশনস্থলীতে টিউটৰ শিক্ষক সংস্থাৰ নেতৃবৰ্গই কয় ,তেওঁলোকৰ চাৰিদফীয়া দাবীৰ প্ৰতি চৰকাৰে সহাৰি নিদিয়ালৈকে বিভিন্ন আন্দোলনাত্মক কাৰ্যসূচী ৰূপায়ণ কৰি যোৱাৰ হুংকাৰ দিয়ে ।

Exit mobile version