Chardham Yatra:✒️পাহাৰীয়া ৰাজ্যখন অৰ্থনীতি পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। উত্তৰাখণ্ড প্ৰশাসনে আশা কৰিছিল যে যেতিয়া এপ্ৰিল মাহৰ শেষৰ ফালে চাৰধাম যাত্ৰা আৰম্ভ হ’ব তেতিয়া ৰাজ্যখন দেশৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰীৰে উপচি পৰিব।
কিন্তু এপ্ৰিল মাহৰ পৰা হোৱা বৰষুণৰ বাবে এইবাৰ উত্তৰাখণ্ডৰ পৰা তীৰ্থযাত্ৰীৰ ভিৰ নোহোৱা হৈছে।
তীৰ্থযাত্ৰীৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ ফলত উত্তৰাখণ্ডৰ অৰ্থনৈতিক মেৰুদণ্ড ভাঙি ছিন্নভিন্ন হৈ পৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।
যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰিনাথ — এই চাৰিটা তীৰ্থস্থান সামূহিকভাৱে চাৰধাম নামেৰে জনাজাত। ২০২৪ চনৰ প্ৰথম মাহত চাৰধাম যাত্ৰাত ১৭ লাখতকৈ অধিক তীৰ্থযাত্ৰী গৈছিল।
কিন্তু এই বছৰ তীৰ্থযাত্ৰাৰ আৰম্ভণিৰ পৰা অৰ্থাৎ ৩০ এপ্ৰিলৰ পৰা ৩১ আগষ্টলৈকে প্ৰতিবেদনত দেখা গৈছে যে ১২৪ দিনৰ ভিতৰত ৫৫টা আছিল ‘জিৰ’ পিলগ্রিম ডে’। অৰ্থাৎ ৫৫ দিন আছিল য’ত কোনো তীৰ্থস্থানত এজনো তীৰ্থযাত্ৰী দেখা পোৱা নাছিল।
চাৰিটা পবিত্ৰ স্থানৰ প্ৰতিটোতে কিমানজন তীৰ্থযাত্ৰী ভ্ৰমণ কৰিছে সেই হিচাপ কৰিলে দেখা গ’ল যে গংগোত্ৰীৰ অৱস্থা আটাইতকৈ বেয়া – ২৭ দিন ইয়াত এজনো তীৰ্থযাত্ৰী দেখা নগ’ল। যমুনোত্ৰিত এনে দিনৰ সংখ্যা ২৩টা।
৫৫ দিন যেনেকৈ চাৰিটা তীৰ্থস্থান খালী হৈ আছিল, বাকী দিনবোৰৰ পৰিস্থিতি বিশেষ ভাল নাছিল। হিচাপ অনুসৰি ১২৪ দিনৰ বাকী ৬৯ দিনত দৈনিক গড় তীৰ্থযাত্ৰীৰ সংখ্যা ১০০০ৰ তলত আছিল।
উত্তৰকাশী ভূমিস্খলনৰ পাছত ৰাজ্যৰ এক বৃহৎ অংশৰ পথ ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছে।
উল্লেখ্য যে,ছেপ্টেম্বৰ মাহতো পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। ইতিমধ্যে চলিত মাহত নতুনকৈ হোৱা ভূমিস্খলন বাবে পাঁচ দিনৰ বাবে চাৰধাম যাত্ৰা স্থগিত ৰাখিবলগীয়া হৈছে উত্তৰাখণ্ড প্ৰশাসনে।
