বৰফেৰে আবৃত অৰুণাচল প্ৰদেশত সন্ধান ওলাল বিৰল প্ৰজাতিৰ মেকুৰী

IMG 20250909 125450

Pallas’s cat:✒️বৰফেৰে আবৃত ৰাজ্য অৰুণাচলত দেখা গৈছে এবিধ বিৰল প্ৰজাতিৰ মেকুৰী। শেহতীয়াকৈ অৰুণাচল প্ৰদেশত বন্যপ্ৰাণীৰ ওপৰত কৰা এক সমীক্ষাত অতি বিৰল আৰু ৰহস্যময় পল্লাছৰ মেকুৰীটো(Pallas’s cat)ৰ প্ৰথম ছবি পোহৰলৈ আহিছে।

সূত্ৰই জনোৱা মতে, WWF-India আৰু ৰাজ্যৰ বন বিভাগে যৌথভাৱে কৰা এক সমীক্ষাত এই বিৰল প্ৰজাতিৰ মেকুৰী পোৱা গৈছে।

ছিকিম আৰু ভূটানৰ বাহিৰে অৰুণাচল প্ৰদেশত এইবাৰ প্ৰথমবাৰৰ বাবে দেখা গৈছে পল্লাছৰ মেকুৰী।

এই মেকুৰীটো অৰুণাচল প্ৰদেশত প্ৰায় ৫০০০ মিটাৰ উচ্চতাত পোৱা গৈছে। পশু বিশেষজ্ঞৰ মতে হিমালয়ৰ ওখ পাহাৰীয়া অঞ্চলত বন্যপ্ৰাণীৰ বিষয়ে যি জনা যায় সেয়া একোৱে নহয়। বহু কথা এতিয়াও জানিব পৰা হোৱা নাই।

এই অধ্যয়নত দেখা গৈছে যে পল্লাছ মেকুৰীৰ উপৰিও অৰুণাচল প্ৰদেশত ৪২০০ মিটাৰৰ ওপৰৰ উচ্চতাত আন পাঁচটা বিৰল মেকুৰী প্ৰজাতি পোৱা গৈছে।

যাৰ ভিতৰত আছে, স্নো লেপার্ড (snow leopard), কমন লেপার্ড (common leopard), ক্লাউডেট লেপার্ড (clouded leopard) আৰু মার্বেলড কেট (Marbled Cat) আৰু লেপার্ড কেট (Leopard Cat)।

ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়াৰ বিজ্ঞান আৰু সংৰক্ষণৰ মুৰব্বী ঋষি কুমাৰ শৰ্মাই কয় ,’এনে বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী দেখাৰ পাছত আমি অনুভৱ কৰোঁ যে হিমালয়ৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে আমি অতি কমেইহে জানো।’

প্ৰাপ্ত তথ্য অনুসৰি,পল্লাছৰ মেকুৰীটো সহজে দেখা নাযায়। গতিকে এই মেকুৰী প্ৰজাতিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ বিৰল। এই সমীক্ষাটো ২০২৪ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত কৰা হৈছিল।যদিও ইয়াৰ ফলাফল শেহতীয়াকৈ প্ৰকাশ পাইছে।

সংস্থাটোৱে জনোৱা মতে, ২০০০ বৰ্গ কিলোমিটাৰ উচ্চতাৰ পাহাৰীয়া ভূখণ্ডৰ ৮৩টা স্থানত ১৩৬টা কেমেৰা স্থাপন কৰা হৈছে। আৰু তেনেকৈয়ে মেকুৰী প্ৰজাতিটোৰ সন্ধান পোৱা গৈছে।

Exit mobile version