kahili 1

Guwahati Theft Incident:

ক্ৰমাৎ অপৰাধ নগৰীত পৰিণত হৈছে গুৱাহাটী মহানগৰ ৷ দিনক দিনে বৃদ্ধি পাইছে অপৰাধীৰ অপৰাধমূলক কাৰ্যকলাপ ৷ যাৰবাবে নিৰাপত্তাহীন হৈ পৰিছে মহা নাগৰিক ৷ পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছে এতিয়া দিন -দুপৰতে সংঘটিত হয় চোৰৰ চাফাই অভিযান ৷

কাহিলিপাৰাৰ ৰাজীৱনগৰত চাঞ্চল্যকৰ লুটপাত ঘটনা সংঘটিত হয় ৷ গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি দিন-দুপৰতে চোৰে ইলাপ্ৰভা বৰ্মন নামৰ মহিলা গৰাকীৰ বাসগৃহ পৰা চোৰে লুটি নায়ে সোণৰ আ- অলংকাৰ সহ নগদ ধন।

পিছত গৃহস্থ আহি ঘৰৰ দুৱাৰ খোলা দেখা পাই হুৱাদুৱা লগাই । ইতিমধ্যে চোৰৰ লুটপাত সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ভগদত্তপুৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷

Exit mobile version