khel Maharan:
অসম চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা খেল মহাৰণে উলিয়াই আনিলে ডিব্ৰুগড় বগীবিলৰ এজন ছাত্ৰৰ প্ৰতিভা । ডিব্ৰুগড় SKV ত অধ্যয়ন কৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ সুনিল নেৱাৰে ১১ চেপ্তেম্বৰত CBSE ৰ অধীনত বিহাৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে । বগীবিল চাউলখোৱা গাঁৱৰ সুনিল নেৱাৰে কোনো দিন অনুশীলন কৰা নাছিল । অসম চৰকাৰৰ দ্বাৰা পঞ্চায়ত আৰু সমষ্টিভিত্তিত অনুষ্ঠিত হোৱা খেল মহাৰণত যোগদান কৰি তেওঁ ডিব্ৰুগড় SKV বিদ্যালয়ৰ পৰা গুৱাহাটীত খেলাৰ সুযোগ লাভ কৰিলে ।
