Nepal:✒️নেপাল এতিয়াও অশান্ত। চাৰিওফালে চলিছে অবাধ লুণ্ঠন । জেলৰ পৰা পলায়ন কৰিছে কয়দীসকল। লক্ষ্য কৰি লোৱা হৈছে উদ্যোগপতি আৰু নেতাৰ ঘৰ।
প্ৰাপ্ত তথ্য অনুসৰি,সংশোধনী কেন্দ্ৰৰ পৰা পলায়ন কৰিবলৈ গৈ সেনাৰ গুলীচালনাত নিহত কমেও পাঁচজন নাবালক । আহত হৈছে সাতজন।
নৌবাস্তা কাৰাগাৰৰ মুৰব্বী জলন্ধৰ মুছালে জানিবলৈ দিয়া মতে, নাবালক কয়দী কেইজনে গেট ভাঙি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ পৰাই গুলীচালনা আৰম্ভ হয়।
প্ৰাপ্ত তথ্য অনুসৰি,৫৮৫ জন কয়দী জেলৰ পৰা আৰু ৭৬ জন সংশোধনী কেন্দ্ৰৰ পৰা পলায়ন কৰিছে। মঙলবাৰৰ পৰা বুধবাৰলৈ পৰিস্থিতি ক্ৰমানে বেয়া হৈ পৰিছে।
গুৰুতৰ এই পৰিস্থিতি চম্ভালিবলৈ সেনাবাহিনী মোতায়েন কৰা হৈছে। সন্ধিয়া পাঁচ বজাৰ পৰা সমগ্ৰ দেশত জাৰি কৰা হৈছে সান্ধ্য আইন।
