Former Two Ambassador visits Kanyaka bahumukhi Pam:
জামুগুৰিহাটৰ ভৰলী পৰীয়া কন্যকা বহুমুখী কৃষি পামত উপস্থিত হয় অষ্টিয়া – ইজিপ্তৰ প্ৰাক্তন ৰাষ্ট্ৰদূত ৰামচন্দ্ৰণ স্বামীনাথন আৰু থাইলেণ্ড – কেনিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰদূত সুচিত্ৰা ডুৰাই । দুয়ো গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূত আজি পূৱা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা কন্যকা কৃষি পামত উপস্থিত হৈ কৃষি পামখনৰ,মৎস্য উৎপাদন,দুগ্ধ উৎপাদন,কণী উৎপাদন, মিঠাই উদ্যোগ,কৃষি উদ্যানকে ধৰি প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি অভিভূত হৈ পৰে ৷
দুয়ো গৰাকী প্ৰাক্তন বৈদেশিক বিষয়াই কন্যকা নামঘৰত সেৱালৈ নেগেৰা নামতো অংশগ্ৰহণ কৰা দেখা যায় ৷ দুই প্ৰাক্তন ৰাষ্ট্ৰদূতে কন্যকাৰ আদৰ্শ অসমবাসীয়ে গ্ৰহণ কৰা উচিত আৰু ইয়াৰ পৰিৱেশ চোকে-কোণে সিচৰিত হৈ পৰক বুলিও মন্তব্য কৰে ৷ অসমীয়া কলা সংস্কৃতিৰো ভূয়সী প্ৰশংসা কৰে দুয়ো গৰাকী ৰাষ্ট্ৰদূতে ৷






























