Jamugurighat:
জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাওঁৰ নামঘৰত কালিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে আৰম্ভ হৈছে ২৭০ বছৰ গৰকা শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা ৷ ১৭৫৭ চনতে আৰম্ভ হোৱা এই ভাওনা পাতলৰচুক গাওঁবাসীয়ে নিৰবিচিন্ন ভাৱে অনুষ্ঠিত কৰি আহিছে ৷এই ভাওনাৰ বিশেষত্ব হ’ল অতিভক্তিৰে,গাওঁবাসীয়ে এমাহকাল নিৰামিষ ভোজনৰে থাকি ধৰ্মীয় ৰীতিনীতিৰ মাজেৰে পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি আহিছে এই ভাওনা ৷
কালি নিশা দৈৱকীৰ বিবাহ আৰু কৃষ্ণৰ জন্ম বৃতান্ত পৰিৱেশন কৰাৰ অন্তত কালিলৈ বিয়লি অনুষ্ঠিত হব বোকাখেচা ভাওনা ৷ এই বোকা খেচা ভাওনা উপভোগ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন গাওঁৰ পৰা কেইবা সহস্ৰাধিক ৰাইজে পাতলৰচুক গাওঁৰ নামঘৰত ভিৰ কৰেহি ৷ প্ৰবাদ আছে এই নিদিষ্ট দিনটোত নামঘৰত শৰাই শলিতা আগবঢ়ালে পূন্য হয় ৷
সেয়ে আজি পূৱাৰে পৰা নামঘৰলৈ ৰাইজৰ লানিনিচিঙা সোতঁবয় ৷ আৰু শ,শ ৰাইজৰ উপস্থিতিয়ে সমগ্ৰ পাতলৰচুক গাওঁখনক কৰি তোলে বৈকুণ্ঠ নগৰী ৷ ভাওনাৰ সন্ধ্যা সমগ্ৰ গাওঁখনৰ লগতে নামঘৰৰ বিশাল চৌহদৰ লগতে বৃহৎ পুখুৰীটোত চাকিবন্তি জ্বলাই এক নৈসৰ্গিক পৰিৱেশ সৃষ্টি কৰে গাওঁবাসীয়ে ৷ এই ভাওনাকলৈ বিভিন্ন ধৰ্মীয় পৰম্পৰা,জনবিশ্বাস, প্ৰবাদ জৰিত হৈ আছে বুলি জানিব পৰা যায় ৷































