Jamugurighat:
জামুগুৰিহাটৰ ধলাইবিল-চৈবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭আৰু ৮ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি তুংগত। অধিবেশনলৈ হাতত মাথো কেইটামান দিন বাকী থকা অৱস্থাত জ্যোতি- বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম-কাজ। অধিবেশনখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকা সকলে দিন ৰাতি একাকাৰ কৰি কৰিছে শ্ৰমদান। ইফালে অধিৱেশনৰ সফল কামনা কৰি জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰমদান কৰিছেহি জামুগুৰিহাটৰ বাকোলা গাঁৱৰ ইছলাম ধৰ্মীয় লোকসকলেও।প্ৰতিনিধিৰ শিবিৰ নিৰ্মানত শ্ৰমদান কৰিছে এইসকল ইছলাম ধৰ্মীয় ৰাইজে ।

শ্ৰমদানৰ মাজতেই ‘মোৰ মনত ভেদভাব নাই অ আল্লা’ শীৰ্ষক জিকিৰ পৰিবেশন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন স্থলীত সমন্বয়ৰ বাৰ্তা দিছে এইসকল ইছলাম ধৰ্মালম্বী লোকে। শ্ৰমদানৰ মাজতে ইছলাম ধৰ্মীয় যুৱতী মহিলা সকলে বিহু নাছি আনন্দ- উল্লাস কৰাও দেখা যায় ৷ অধিবেশনৰ সফলতা কামনাৰে জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰমদান কৰা ইছলামধৰ্মীয় ৰাইজৰ শলাগ লয় নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকাই ৷



































