পৃথিৱীৰ বিভিন্ন দেশতে খোৱাপানীৰ সমস্যা আছে। তাৰ মাজতে সামান্য হ’লেও আশাৰ পোহৰ দেখা পাইছে একাংশ বিজ্ঞানীয়ে। সাম্প্রতিক এক গবেষণাত দেখা গৈছে যে মহাসাগৰৰ লুণীয়া পানীৰ তলতে লুকাই আছে মিঠা পানী। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে ভবিষ্যতে এই পানীয়ে বহু মানুহৰ তৃষ্ণা দূৰ কৰিব পাৰে।
আমেৰিকাৰ উত্তৰ-পূবৰ আটলান্টিক মহাসাগৰৰ গভীৰতে আছে সেই খোৱাপানীৰ ভাণ্ডাৰ। ইয়াক লৈ বিজ্ঞানীসকলৰ মনত এটা সন্দেহ আছিল। এতিয়া তেওঁলোক সেই বিষয়ত নিশ্চিত হৈছে।
আমেৰিকাসহ প্রায় ১২খন দেশে গবেষণা আৰম্ভ কৰিছিল। উপকুলৰ সমীপৰ সমুদ্রত প্রায় ৩০ৰ পৰা ৫০ কিলোমিটাৰ গভীৰ পর্যন্ত খনন কৰিছিল বিজ্ঞানীসকলে। ইয়াত ব্যয় হৈছিল প্রায় দুই কোটি ৫০ লাখ মার্কিন ডলাৰ,ভাৰতীয় মুদ্রাত প্রায় ২২০ কোটি টকা।সেই খননতে সাগৰৰ তলত পোৱা গ’ল মিঠা পানীৰ সন্ধান।
বিজ্ঞানীসকলে অনুমান কৰিছে যে আমেৰিকাৰ নিউ জাৰ্ছিৰ পৰা মেইন পর্যন্ত বিস্তৃত হৈ আছে এই ভূগর্ভস্থ মিঠা পানীৰ স্তৰ। কিয় খনন কৰা হ’ল?
বিজ্ঞানীসকলে ধাৰণা কৰে যে সমুদ্রবৰ তলত খোৱাপানীৰ স্তৰ থকাৰ সম্ভাবনা প্রবল। অবশ্যে তেওঁলোকে লগতে ইয়াকো জনাইছিল যে সেই পানী উত্তোলন কৰা কঠিন; কিন্তু লাহে লাহে যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিদৰে খোৱাপানীৰ অভাৱে দেখা দিছে, তাৰ ফলত সেই পানী তুলি আনি ব্যৱহাৰ কৰাটো জৰুৰী হৈ পৰিছে।
ৰাষ্ট্রসংঘই জনাইছে যে আগন্তুক পাঁচ বছৰত খোৱাপানীৰ চাহিদা যোগানৰ তুলনাত ৪০ শতাংশ বৃদ্ধি পাব। দক্ষিণ আফ্রিকাৰ কেপটাউনত ইতিমধ্যেই খোৱাপানীৰ অভাৱে দেখা দিবলৈ লৈছে। সাগৰৰ গভীৰত খোৱাপানীৰ ভাণ্ডাৰ বিচাৰিবলৈ দক্ষিণ আফ্রিকায়ো উঠিপৰি লাগিছে। কিদৰে আৰম্ভ হ’ল গবেষণা?
প্রায় ৫০ বছৰৰ পূর্বে খনিজৰ সন্ধানত আমেৰিকাৰ চৰকাৰী জাহাজে পূব উপকূলৰ সমীপত সাগৰত খননকার্য আৰম্ভ কৰে। গভীৰ কুঁৱা খননৰ পাছত গৱেষকসকলে খোৱাপানী পাইছিল। ২০১৫৩ আকৌ গৱেষকৰ এটা দলে সমুদ্ৰৰ গভীৰত খননকার্য চলাই মিঠা পানীৰ সন্ধান পায়। তেওঁলোকে গবেষণা কৰি দেখিছে যে আমেৰিকাৰ পূব উপকূলৰ কাষত সাগৰৰ তলিত যি পৰিমাণৰ খোৱাপানী আছে, সেয়া নিউ য়ৰ্কৰ দৰে চহৰৰ বাসিন্দাসকলৰ ৮০০ বছৰৰ চাহিদা পূৰণ কৰিব পাৰে। একাংশ গৱেষকে ধাৰণা কৰিছে যে বাস্তৱত সাগৰৰ তলিত তাতকৈ বেছি পৰিমাণৰ খোৱাপানী আছে।
তাৰ পাছতে গৱেষকসকলে সেই পানী পৰীক্ষা কৰি চাই যে সেই পানী সঁচাকৈয়ে পানৰ যোগ্য হয় নে নহয়। গরেষণাত দেখা গৈছে যে সেয়া খোৱাপানীৰূপে ব্যৱহাৰ কৰিব পৰা যায়। এতিয়া বিজ্ঞানীসকলে পৰীক্ষা কৰি আছে যে সেই পানীৰ উৎস কি? সেই পানীৰ বয়স কিমান? তাৰ পাছতে বুজা যাব যে সেই পানীৰ যোগান অবিৰত (বিনিউয়েবল) হয় নে নহয়।






























