নগৰত ১০ সহস্রাধিকৰ প্রতিবাদী সমাৱেশ : মুণ্ডনৰ ভাবুকি এহেজাৰ যুৱকৰ

ঘৰৰ ল'ৰাক ঘৰত লাগিব! ৰাজপথলৈ যোৰহাটৰ জনতা

FB IMG 1758519043318

Guwahati: People gather as the mortal remains of singer Zubeen Garg being taken to his residence from the Guwahati airport, Sunday, Sept. 21, 2025. (PTI Photo)(PTI09_21_2025_000081B)

Zubeen Garg:✒️ডিঙা মেলি সুৰৰ মায়াময় জগতত ভৰি দি অসমীয়া সংগীত জগতৰ মুকুটবিহীন সম্ৰাটত পৰিণত হোৱা জুবিন গাৰ্গক মৰমৰে চিৰদিনলৈ বান্ধি ৰাখিবলৈ বিচাৰি অটল স্থিতি গ্রহণ কৰিছে সমগ্ৰ যোৰহাট জিলাবাসীয়ে। ঘৰৰ সন্তানৰ অন্ত্যেষ্টিক্রিয়া আৰু সমাধি ইয়াতে বিচাৰিছে যোৰহাটৰ ৰাইজে।

শনিবাৰৰ পৰা জনাই অহা এই আহ্বানৰ কালি দাবীলৈ পৰিৱৰ্তন ঘটে। যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত জুবিনক বিচাৰি যি গণস্বাক্ষৰ অভিযান আৰম্ভ হৈছিল কালি সেই বৰুৱা চাৰিআলি ৰূপান্তৰিত হয় প্রতিবাদস্থলীলৈ।

একাংশ জুবিন অনুৰাগীয়ে সামাজিক মাধ্যমযোগে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগৰলৈ ওলাই আহে হেজাৰ হেজাৰ যুৱক-যুৱতী। সন্ধিয়ালৈ বৰুৱা চাৰিআলিত সমবেত হয় ১০ সহস্রাধিক লোক।

‘ঘৰৰ ল’ৰাক ঘৰত বিচাৰি’ ৰাজপথলৈ ওলাই অহা এইসকল অনুৰাগীয়ে যোৰহাটত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ লগতে স্মৃতিসৌধ নির্মাণৰ দাবীত উত্তাল হৈ থাকে। কেৱল বৰুৱা চাৰিআলিয়ে নহয়, বৰুৱা চাৰিআলি সংযোগী এ টি ৰোড, বৰপাত্ৰ আলি, নেহৰুপাৰ্ক আদি অঞ্চল ভৰি পৰে জুবিন অনুৰাগীৰে। সৃষ্টি হয় জনসমুদ্ৰৰ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চাৰিওফালৰ পৰা আৰক্ষীয়ে যানবাহনৰ প্ৰৱেশ বন্ধ কৰি দিয়ে। ফলত বহু লোকে পদব্রজে আহি বৰুৱা চাৰিআলিত সমবেত হৈ জুবিনৰ কালজয়ী গীতসমূহ আওৰাই ধ্বনি দিয়ে, ‘জুবিনদাক আমাক লাগিবই’, ‘জুবিনদা অবিহনে আমি ক্ষান্ত নহওঁ’।

আনকি জুবিনৰ নশ্বৰ শৰীৰ যোৰহাটলৈ নানিলে এহেজাৰ যুৱকে মুণ্ডন কৰাৰো হুংকাৰ দিয়ে। তদুপৰি একাংশ জুবিনৰ অনুৰাগীয়ে শিল্পীগৰাকীৰ নশ্বৰ শৰীৰ যোৰহাটলৈ নানিলে আগন্তুক নির্বাচনত বিজেপিক ‘চাই ল’ম’ বুলিও সকীয়াই দিয়ে। অৱশ্যে এই কথাক লৈ উপস্থিত একাংশই প্রতিক্রিয়া প্রকাশ কৰি প্রতিবাদস্থলী ত্যাগ কৰে।

সমান্তৰালকৈ চলিছে প্রতিবাদ-শ্রদ্ধাঞ্জলি

কালি যি সময়ত যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত উত্তাল প্রতিবাদ অব্যাহত আছিল সেই সময়ত মাত্র এশ মিটাৰ নিলগৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত জুবিনৰ কালজয়ী গীত-মাতেৰে চলি আছিল শ্রদ্ধাঞ্জলি অনুষ্ঠান। বহুসংখ্যক যুৱক-যুৱতীয়ে অংশ লোৱা এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত প্ৰতিবাদকাৰীসকলৰ একাংশই যোগদান কৰে। ইপিনে, ৫০ মিটাৰ নিলগত এক দম্পতীয়ে পুত্র-কন্যাসহ ব্যতিক্রমী ৰূপত শিল্পীগৰাকীৰ গীত গাই তেওঁলৈ শ্রদ্ধাঞ্জলি জনায়। ৰাস্তাৰ ওপৰতে বহি চাকি-বন্তি জ্বলাই আৰু হাতে হাতে জুবিনৰ গানৰ ফেষ্টুন লগাই জনোৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানে সকলোৰে দৃষ্টি আকর্ষণ কৰে। উল্লেখ্য যে পৰম্পৰাগতভাৱে চলি অহা যোৰহাটৰ মহালয়াই সকলোৰে দৃষ্টি আকর্ষণ কৰে যদিও এইবাৰ জুবিন গাৰ্গৰ প্ৰতি সম্মান প্রদৰ্শন কৰি মহালয়াৰ সকলো কাৰ্যসূচী বাতিল কৰা হয়। সদায়ে হেজাৰ হেজাৰ লোকে অংশ লোৱা মহালয়ালৈ এইবাৰ এজনো মানুহ ওলাই নাহিল। ইয়াৰ পৰিৱৰ্তে নগৰৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীগৰাকীৰ গুণমুগ্ধ ৰাইজ ৰাজপথলৈ ওলাই আহি শ্রদ্ধাঞ্জলি জনায়। ইয়াৰে বহুসংখ্যক প্রতিবাদত চামিল হয়।

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতো নুখুলিল যোৰহাটৰ ব্যৱসায়

শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুখীয়া ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি দোকান-পোহাৰসমূহ খুলিবলৈ আহ্বান জনায় যদিও আজি গোটেই দিন যোৰহাট নগৰত দোকান-পোহাৰ বন্ধ ৰাখে। শিল্পীগৰাকীৰ গৃহনগৰী যোৰহাটৰ ব্যৱসায়ীসকলে মুখ্যমন্ত্ৰীৰ আহ্বানক একাষৰীয়া কৰি দ্বিতীয় দিনৰ বাবেও দোকান-পোহাৰ বন্ধ ৰাখে। একে পৰিৱেশ জিলাৰ বিভিন্ন স্থানতো দেখা যায়।

Exit mobile version