শাৰীৰিকভাৱে নিগৃহীত-ভাঙিলে কেমেৰাও

কৰ্তব্যৰত অৱস্থাতে আক্ৰমণৰ সম্মুখীন নিউজ-১৮ৰ সাংবাদিক

IMG 20250922 132450

কর্তব্যৰত অৱস্থাত দেওবাৰে সংবাদ প্রতিষ্ঠান নিউজ-১৮ৰ দুজন সাংবাদিকক দুর্বৃত্তৰ দলে আক্রমণ কৰে। আক্ৰমণৰ সন্মুখীন হোৱা এই সাংবাদিক তিনিজন হৈছে বলেন ভট্টাচার্য আৰু ভিডিঅ’ সাংবাদিক অবিনাশ ডেকা।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আজাৰা থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, জুবিন গাৰ্গৰ নশ্বৰদেহ স্বগৃহলৈ অনাৰ বাতৰি পৰিবেশনৰ বাবে সাংবাদিক দুজনে শনিবাৰে নিশাই লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানকোঠত উপস্থিত হয়।

নিশাৰে পৰা বাতৰি সংগ্ৰহ কৰি থকাৰ পাছত দেওবাৰে পুৱা ৬-২৫ বজাত বিমানকোঠৰ সমীপৰ ‘ইণ্ডিয়ান অইল এভিয়েচন’ৰ সন্মুখত একাংশ উদণ্ড যুৱকে ভট্টাচার্য আৰু ডেকাক শাৰীৰিকভাৱে আক্রমণ কৰাৰ লগতে তেওঁলোকৰ হাতত থকা কেমেৰা, মাইক, ষ্টেণ্ড, লগ’ আদি সম্পূর্ণৰূপে ভাঙি-ছিঙি তচনচ কৰে।

প্রায় সাত-আঠজনীয়া দুর্বৃত্তৰ দলটোৱে কিহৰ বাবে সাংবাদিক দুজনক আক্ৰমণৰ লক্ষ্য কৰি ল’লে সেয়া এতিয়াও স্পষ্ট নহয়। ইপিনে, এই ঘটনাত সাংবাদিক ভট্টাচার্য হাতত আঘাতপ্রাপ্ত হয়। উল্লেখ্য যে ৰাজ্যত শেহতীয়াভাবে বৃদ্ধি পাইছে সাংবাদিক নিগ্রহৰ ঘটনা।

Exit mobile version