জিএমচিএইছ-এইমছৰ চিকিৎসকৰ দ্বাৰা সম্পন্ন হ’ল মৰণোত্তৰ পৰীক্ষা

FB IMG 1758519043318

Guwahati: People gather as the mortal remains of singer Zubeen Garg being taken to his residence from the Guwahati airport, Sunday, Sept. 21, 2025. (PTI Photo)(PTI09_21_2025_000081B)

Zubeen Garg:✒️জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণক লৈ বহু প্ৰশ্নৰ উদ্ভৱ হৈছে। সেয়েহে শিল্পীগৰাকীৰ নশ্বৰদেহৰ ছিংগাপুৰৰ পাছত গুৱাহাটীতো দ্বিতীয়বাৰলৈ মৰণোত্তৰ পৰীক্ষাৰ দাবী উত্থাপিত হয়। সেই দাবীৰ ভিত্তিত পৰিয়ালৰ অনুমতি সাপেক্ষে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ) ত এই পৰীক্ষা কৰা হয়।

তাৰ বাবে সোমবাৰে মাজনিশা ১২ বজাৰ পাছত নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকৰ দ্বাৰা সাজু কৰা হয়। সৰুসজাইৰ ক্ৰীড়া প্রকল্পস্থলীতে এই ব্যৱস্থা কৰাৰ পাছতে সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱতি নিশা ৩.২০ বজাত ফুলেৰে সজোৱা এম্বুলেন্সেৰে জিএমচিএইছলৈ নিয়া হয়।

জিএমচিএইছ আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পুৱা সাত বজাৰ পূৰ্বে এই পৰীক্ষা সম্পন্ন কৰা হয়। তাৰ পাছত নশ্বৰদেহ পুনৰ সৰুসজাইলৈ লৈ যোৱা হয়। সৰুসজাইৰ পৰাই ৯.৪৫ বজাত জুবিনৰ অন্তিম যাত্ৰা আৰম্ভ হয় সোণাপুৰৰ কমাৰকুছিলৈ।

ফুলেৰে সুশোভিত এম্বুলেন্সত লৈ যোৱা জুবিনৰ নশ্বৰদেহৰ কাষত থাকে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু কেন্দ্রীয় ৰাজ্য মন্ত্রী পবিত্র মাৰ্ঘেৰিটা। এম্বুলেন্সৰ পিছে পিছে থাকে প্রায় আঠখন বিশেষ বাহন আৰু তাত প্রয়াত শিল্পীগৰাকীৰ পৰিয়ালৰ লোক আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তিসকল।

উল্লেখ্য যে চৰকাৰৰ অনুৰোধ মর্মে পৰিয়ালৰ পৰা তেনে ৭৫ জন লোকৰ তালিকা দাখিল কৰা হৈছিল। সন্মুখত থকা এম্বুলেন্সখনক বাট দেখুৱাই লৈ যায় আৰক্ষীৰ কে’বাখনো বাহনে। একেদৰে পিছে পিছেও থাকে কে’বাখনো বাহন। সৰুসজাইৰ পৰা খানাপাৰালৈ আজিও হেজাৰ হেজাৰ লোক ৰাস্তাৰ কাষত ৰৈ থাকি হিয়াৰ অভ্যন্তৰত লুকাই থকা প্রিয় শিল্পীগৰাকীক শেষ বিদায় জনায়। আনকি খানাপাৰাত বহু মানুহে এম্বুলেন্সখনৰ বাট আগচি ধৰি শ্রদ্ধা নিবেদন কৰে।

ফুল ছটিয়াই, গামোচা আগবঢ়াই তেওঁলোকে শেষ বিদায় জনায় জুবিনক। অবশ্যে যিমান পাৰি সোনকালে আজিৰ এই যাত্রা শেষ কৰাৰ তৎপৰতা চলায় প্রশাসনে। তথাপিও বহু স্থানত ৰাইজৰ ভিৰৰ বাবে এই যাত্রা থমকি ৰ’বলৈ বাধ্য হয়। যোৰাবাটতো হেজাৰ হেজাৰ লোকে শিল্পীগৰাকীক শেষ বিদায় জনায়। এনেদৰে আগবাঢ়ি প্রায় ১০.৩০ বজাত কমাৰকুছিৰ শেষকৃত্যস্থলীত জুবিনৰ নশ্বৰদেহ উপস্থিত হয়। তাৰ পাছতে আৰম্ভ হয় শেষকৃত্যৰ পৰ্ব।

Exit mobile version