volcano:✒️তিনি বছৰৰ পাছত আকৌ উদ্গীৰণ ঘটিল দেশৰ একমাত্র আগ্নেয়গিৰিৰ। এই আগ্নেয়গিৰি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বাৰেনদ্বীপত অৱস্থিত। এই আগ্নেয়গিৰি কেৱল ভাৰতৰে নহয়, সমগ্র দক্ষিণ এছিয়াৰ একমাত্র জীবন্ত তথা সক্রিয় আগ্নেয়গিৰি।
চৰকাৰী বিষয়াই প্ৰকাশ কৰা অনুসৰি, বিগত আঠদিনত দুবাৰ আগ্নেয়গিৰিটো উদ্দ্গীৰণ ঘটে। প’ৰ্টব্লেয়াৰৰ পৰা সমুদ্র পথেৰে ১৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই আগ্নেয়গিৰিৰ শেষবাৰৰ বাবে উদ্গীৰণ ঘটিছিল ২০২২ত।
ইয়াৰ তিনি বছৰৰ পাছত যোৱা ১৩ আৰু ২০ ছেপ্টেম্বৰত আগ্নেয়গিৰিটোৰ পুনৰ উদ্গীৰণ ঘটে। বাৰেনদ্বীপে ৮.৩৪ বর্গ কিলোমিটাৰ ভূমি আগুৰি আছে। ইয়াৰ নিকটতম জনবসতিপূর্ণ স্থান হ’ল স্বৰাজদ্বীপ (হেভল’কদ্বীপ) আৰু নৰকোণ্ডানদ্বীপ।
দুয়োটা দ্বীপ বাৰেনদ্বীপৰ পৰা ১৪০-১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উল্লেখ্য যে বাৰেনদ্বীপ ভাৰতীয় আৰু বার্মিয় শৈলমণ্ডলীয় ফলকৰ সংযোগস্থলত অৱস্থিত। আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ তথ্য অনুসৰি, বাৰেনদ্বীপত প্ৰথমবাৰ আগ্নেয়গিৰিৰ উদ্গীৰণ ঘটে ১৭৮৭ত।
পৰৱৰ্তী সময়ত ১৯৯১, ২০০৫, ২০১৭আৰু ২০২২ত দ্বীপটোত পুনৰ আগ্নেয়গিৰিৰ উদ্দ্গীৰণ ঘটে। কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ মাথোঁ আঠদিনৰ ভিতৰত দুবাৰ উদ্গীৰণ ঘটে বাৰেনদ্বীপৰ আগ্নেয়গিৰি। গতিকে ইয়াক লৈ উদ্বিগ্ন হৈছে আন্দামান আৰু নিকোবৰ প্ৰশাসন। ইয়ে ভয়ংকৰ দুৰ্যোগৰ আশংকা বহন কৰা বুলিও একাংশৰ মাজত চর্চা হৈছে।






























