Jilapi:✒️দুর্গা পূজা আৰু জেলেপীৰ মাজত যেন এটা ওতঃপ্রোত সম্পর্ক আছে। দুর্গী পৃজাত জেলেপী খোৱাটো সম্প্রতি এক পৰম্পৰাতে পৰিণত হৈছে। ভাৰতীয় মিঠাইৰ ভাণ্ডাৰত অসংখ্য নাম থাকিলেও জেলেপীৰ স্থানেই পৃথক। সৰু সৰু পাকত ডুবাই তেলত ভজাৰ পাছত চেনিৰ ৰসত ডুবাই তৈয়াৰ কৰা এই মিঠাই কেৱল স্বাদৰ বাবেই নহয়, ইয়াৰ ৰূপ আৰু সুগন্ধিয়েও মানুহৰ মন কাঢ়ি নিয়ে। এতিয়া প্রশ্ন হয় যে জেলেপী পুৱাৰ খাদ্য, সন্ধিয়া চাহৰ লগত খোৱা খাদ্য নে নিশাৰ খাদ্য?
ইয়াৰ উত্তৰ হৈছে, প্রত্যেক সময়। পূজাৰ সময়ত এইবিধ মিঠাইৰ জনপ্রিয়তাই শীৰ্ষত আৰোহণ কৰে।লক্ষ্যণীয়ভাবে আজি আমি যি মিঠাইক ভাৰতৰ সবাতোকৈ প্রিয় মিঠাই বুলি কওঁ, তাৰ শিপা কিন্তু মধ্যপ্রাচ্যহে। খাদ্য ইতিহাসবিদব মতে, জেলেপীৰ উৎপত্তি ‘জালাবিয়া’ নাম লৈ মধ্যপ্রাচ্যত হৈছিল।
পাৰস্যৰ পৰা ব্যৱসায়ী আৰু পৰ্যটকৰ হাতত ধৰি ১৩ৰ পৰা ১৫শ শতিকাৰ ভিতৰত এই মিঠাই ভাৰতলৈ আহে। প্রাচীন পাৰস্যৰ প্রখ্যাত বন্ধনপুস্তিকা ‘কিতাব আল-তাৰিখ’ আৰু দশম শতিকাৰ ইবন হাইয়াৰ আল-বাববাকৰ গ্রন্থতো জেলেপীৰ উল্লেখ আছে।
সময়ৰ লগে লগে ভাৰতীয় বন্ধনশালাত এই মিঠাই সোমাই পৰে আৰু এতিয়া ই হৈ উঠিছে উৎসৱ আৰু আনন্দৰ প্রতীক। উত্তৰ ভাৰতৰ উত্তৰপ্রদেশ,বিহাৰ, ৰাজস্থান অথবা মধ্যপ্রদেশত জেলেপী পুৱাৰ আহাৰৰ অপৰিহার্য অংগ। গৰম গাখীৰ আৰু দৈৰ স’তে পৰিবেশন কৰিলে ইয়াৰ স্বাদ দ্বিগুণ হৈ পৰে।
পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গুজৰাটত বিশেষকৈ দশেৰা আৰু দীপাৱলীৰ পুৱা ফাফড়াৰ স’তে জিল, জেলেপীৰ যুটি সবাতোকৈ জনপ্রিয়। দক্ষিন ভাৰতত অৱশ্যে বিয়লি চাহৰ স’তে বা পাতল জলপানত জেলেপী খোৱাৰ ৰীতি বেছিকৈ দেখা যায়।
কেৱল ভাৰতেই নহয়, দক্ষিণ এছিয়াৰ বহু দেশ আক মধ্যপ্রাচ্যত এতিয়াও ৰমজান তথা অন্যান্য উৎসৱত জেলেপী অপৰিহার্য। ৰেস্তোৰাৰ ডেজার্ট মেন্যুতো ই এক আধুনিক পৰিবেশনাত আছে-ৰাববিব স’তে বা পৃথক গৰম পৰিবেশন।
পুৱা গাখীৰত তিয়াই খোৱাই হওক বা সন্ধিয়া চাহৰ লগত, জেলেগী খোৱাৰ কোনো নির্ধাৰিত সময় নাই জেলেপীৰ ইতিহাসে যিদৰে বহু যুগ অতিক্রম কৰি আহিছে, সেইদৰে ইয়াৰ স্বাদো বহুমাত্রিক।
ই কেতিয়াবা ঐতিহ্য, কেতিয়াবা উৎসৱৰ অংশ, আকৌ কেতিয়াবা একান্তই নস্টালজিক। সেয়ে পুৱাৰ আহাৰ হওক বা নিশাৰ আহাৰৰ লগৰ মিষ্টান্ন, জেলেপী সদায় ভাৰতৰ যিকোনো সময়ৰ খাদ্য।




































