Zubeen Garg:✒️মঙলবাৰে গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাত আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী মেচ ৷ উদ্বোধনী অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, অংগৰাগ পাপন মহন্ত আৰু জয় বৰুৱাই ।
মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী মেচত কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে ‘‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি’’ শীৰ্ষক গীতটো পৰিৱেশন কৰে ।
মেচখন অনুষ্ঠিত হোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ স্মৃতিত ৪০ মিনিট সময় ধৰি অনুষ্ঠিত হয় শ্রদ্ধাঞ্জলি অনুষ্ঠান ।
উল্লেখ্য যে,বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত মঙলবাৰে মুখামুখি হৈছে দুই আয়োজক দেশ ভাৰত-শ্রীলংকা ৷






























