কাজিৰঙাৰ মাজেদি উচ্চ খলপাৰ কৰিড’ৰসহ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰসাৰ

IMG 20251003 105643

Kaziranga:✒️প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে অসমৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় খণ্ডক ফৰলেন কৰিড’ৰলৈ প্ৰসাৰিত কৰিবলৈ অনুমোদন জনায়। এই আঁচনিৰ আনুমানিক মূলধনী ব্যয় হ’ব ৬৯৫৭ কোটি।

সম্প্রতি ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৫.৭কিলোমিটাৰ খণ্ড দুইলেনৰ পথ। নগাঁৱৰ জখলাবন্ধা আৰু গোলাঘাটৰ বোকাখাতৰ মাজেৰে যোৱা এই পথছোৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গতি কৰে। বিগত বহুদিন ধৰি যাতায়াতকাৰী আৰু বন্যপ্ৰাণীৰ বাবে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে এইছোৱা পথে। প্ৰতিবছৰে হোৱা বন্যাত কাজিৰঙাৰ জীৱ-জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি আশ্রয় বিচাৰি কাৰ্বি আংলং পাহাৰলৈ যাবলৈ বাধ্য হোৱাৰ পথত বহু সময়ত দুর্ঘটনাগ্রস্ত হৈ মৃত্যু হয়।

যাৰ বাবে কাজিৰঙাৰ মাজেৰে যোৱা ৩৬.৫ কিলোমিটাৰৰ দৈর্ঘ্যছোৱাৰ পথ ওখকৈ (এলিভেটেড কৰিড’ৰ) ৰূপে নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি এই আঁচনিৰ অধীনত বর্তমানে থকা ৩০.২২ কিলোমিটাৰ পথৰ উন্নীতকৰণ কৰা হ’ব তথা দুটা নতুনকৈ বাইপাছ (গ্রীণফিল্ড বাইপাছ) নিৰ্মাণ কৰা হ’ব।

ইয়াৰে এটা হ’ব ১১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছ জখলাবন্ধাৰ সমীপত আৰু বোকাখাতৰ ওচৰত ৯.৫ কিলোমিটাৰৰ আনটো বাইপাছ নিৰ্মাণ কৰা হ’ব।

এই কৰিড’ৰ নিৰ্মাণৰ ফলত গুৱাহাটী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নুমলীগড়ৰ মাজত লক্ষ্যণীয়ভাবে যোগাযোগ ব্যৱস্থা উন্নীত হ’ব বুলিও চৰকাৰে দাবী কৰে। ৰাষ্ট্ৰীয় ঘাইপথ ১২৭, ১২৯ আৰু ৰাজ্যিক ঘাইপথ ৩৫ক সংযোগ কৰাকৈ ইয়াৰ ৰূপৰেখা সজা হৈছে।

তদুপৰি তিনিটা ৰেল ষ্টেছন নগাঁও, জখলাবন্ধা, বিশ্বনাথ চাৰিআলি তথা তিনিটা বিমানকোঠ তেজপুৰ, লীলাবাৰী আৰু যোৰহাটক এই অভিলাষী প্রকল্পৰ দ্বাৰা সংযোজিত কৰা হ’ব বুলি কেন্দ্রীয় চৰকাৰৰ বিষয়াই সদৰী কৰে।

অতিৰিক্তভাৱে এই প্ৰকল্পৰ ফলত দেওপাহাৰ, পুৰাতাত্ত্বিক স্থলী আৰু কাক’চাং জলপ্রপাতৰ উপৰি নগাঁও আৰু নুমলীগড়ৰ বিখ্যাত মন্দিৰসমূহলৈ পৰ্যটকৰ সোঁত বৃদ্ধি পাব বুলিও কোৱা হৈছে। আশা কৰা হৈছে যে এই প্রকল্পই প্রত্যক্ষভাৱে ১৫.৪২ লাখ আৰু পৰোক্ষভাৱে ১৯.১৯ লাখ কৰ্মদিনৰ জীৱিকা নিৰ্ণয় কৰিব।

Exit mobile version