CID interrogation:
সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ পাছত চিআইডিৰ এছআইটি-এ জেৰা কৰিলে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক ৷ প্ৰথমবাৰলৈ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ ভাষ্য গ্ৰহণ এছআইটিৰ ।
স্বামীক লকাপত কে’বাবাৰো দেখা কৰিবলৈ আহোতেই অনিতা মহন্তৰ ভাষ্য গ্ৰহণ এছআইটিৰ ৷ প্ৰথম অৱস্থাত চিআইডি হেড কোৱাৰ্টাৰৰ পৰা ওলাই আহিছিল অনিতা ডেকা ৷ কিন্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা পুনৰ ওভতাই নিয়া হয় অনিতা মহন্তক I
উল্লেখ্য যে নর্থ ইষ্ট ফেষ্টিভেলৰ বাবে ঘটনাৰ সময়ত ছিংগাপুৰত আছিল অনিতা ডেকা৷ শ্যামকানু মহন্তৰ প্ৰতিষ্ঠানৰ ব্যৱসায়িক সহযোগীও হৈছে অনিতা ডেকা মহন্ত ৷
ADVERTISEMENT




































