টেছলাৰ ৰ’বটে শিকিছে সমৰ কলা, ৰন্ধনতো পাৰদৰ্শিতা প্ৰদৰ্শন

hqdefault

Tesla:✒️এলন মাস্ক মালিকনাধীন সংস্থা টেছলাৰ মানবাকৃতিৰ ৰ’বট অপ্টিমছে সমৰকলাৰ প্ৰশিক্ষণ গ্রহণ কৰিছে। মাস্কে ‘এক্স’ত একাধিক ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা সদৰী কৰিলে।

অপ্টিমছৰ শেহতীয়া সংস্কৰণৰ ৰ’বটে চীনা সমৰকলা কুংফুৰ প্ৰশিক্ষণ গ্রহণ কৰিছে। প্রশিক্ষকে ব’বটক দিছে আত্মৰক্ষাৰ বিভিন্ন কৌশলৰ জ্ঞান। মাস্কে শ্বেয়াৰ কৰা ৰ’বটৰ এই ভিডিঅ’ ইতিমধ্যে ভাইবেল হৈছে।

মাস্কে জনোৱা অনুসৰি, টেছলাই তৈয়াৰ কৰা মানৱাকৃতিৰ এই যন্ত্রমানবে সমৰকলাৰ বিভিন্ন কৌশল আহৰণ কৰাৰ লগতে ৰন্ধনৰ পাৰদৰ্শিতাও প্ৰদৰ্শন কৰিছে। ঘৰ পৰিস্কাৰ কৰাৰ পৰা আৰম্ভ কৰি বন্ধনলৈকে বিভিন্ন কাম-কাজ অতি দক্ষতাৰে সম্পন্ন কৰিবলৈ সক্ষম টেছলাৰ এই ৰ’বট।

মাস্কে শ্বেয়াৰ কৰা এক ভিডিঅ’ত এই ৰ’বটে নিখুঁতভাবে কণীৰ অমলেট তৈয়াৰ কৰা প্রত্যক্ষ হৈছে। একেদৰে অপ্টিমছে বাচন-বর্তন ধোৱা, ভেকুৱাম ক্লিনাৰৰে ঘৰ চাফা কৰা, টেবিল পৰিস্কাৰ কৰাসহ অন্যান্য কাম-কাজত ব্যস্ত থকা ভিডিঅ’ মাস্কে ‘এক্স’ত শ্বেয়াৰ কৰিছিল।

উল্লেখ্য যে অপ্টিমছৰ প্রথম সংস্কৰণৰ ৰ’বট টেছলাই ২০২২ৰ অক্টোবৰত মুকলি কৰিছিল। অপ্টিমছৰ নতুন সংস্কৰণৰ এই ৰ’বট ২০২৬ত বজাৰত মুকলি কৰাৰ সম্ভাৱনা আছে। এই ৰ’বটৰ মূল্য ১৬-২৪ লাখ টকাৰ ভিতৰত হ’ব পাৰে।

Exit mobile version