Orunodoi 3.0:✒️ৰাজ্যৰ বুনিয়াদী অর্থনীতি সবলীকৰণৰ মূল লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা অৰুণোদয় ৩.০ আঁচনিৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ৰাজ্যৰ ৩৮ লাখৰো অধিক হিতাধিকাৰীলৈ প্রত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি মাহিলি ১,২৫০ টকাকৈ সাহায্য প্রদান আৰম্ভ কৰে।
এই উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত কেন্দ্রীয় আৰম্ভণি অনুষ্ঠানৰ পৰা তাত সমবেত ৰাইজৰ লগতে আভাসীয়ভাবে ভোটগ্রহণ কেন্দ্র অনুসৰি ৰাজ্যৰ ২৫,৯৯১টা স্থানত সমবেত হিতাধিকাৰীসকলক সম্বোধন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্যৰ অন্ত্যোদয়া পৰিয়ালসমূহক আর্থিক সকাহ প্রদানৰ বাবে হাতত লোৱা স্বৰাজোত্তৰ অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনি অৰুণোদয়ৰ অধীনত ৰাজ্য চৰকাৰে বছৰি প্ৰায় পাঁচ হেজাৰ কোটি টকা ব্যয় কৰিব।
আঁচনিখনৰ সূচনাকালৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ক’ভিডৰ পৰিৱেশত দৰিদ্ৰতাক সাবটি ল’ব লগা হোৱা ৰাজ্যৰ জনসাধাৰণক সকাহ দিয়াৰ লক্ষ্যৰে ২০২০ত তেওঁ বিত্তমন্ত্ৰীৰূপে থকাৰ সময়ত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। প্ৰথম অৱস্থাত ইয়াৰ অধীনত প্রায় ১৮ লাখ হিতাধিকাৰীক প্রতিমাহৰ ১০ তাৰিখে তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে মাহেকত ৮৩০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজৰ দাবী অনুসৰি ২০২১ৰ অক্টোবৰৰ পৰা মাহেকীয়া এই ধন এহেজাৰ টকালৈ বৃদ্ধি কৰা হয়।
২০২২ৰ ১৪ নৱেম্বৰত আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ সংখ্যা আৰু ১০ লাখ বৃদ্ধি কৰা হয় আৰু ২৮ লাখ হিতাধিকাৰীৰে অৰুণোদয় ২.০ আৰম্ভ কৰা হয়। পৰৱৰ্তী সময়ত ৰাইজে বিচৰা অনুসৰি অৰুণোদয়ৰ অধীনত আগবঢ়োৱা মাহেকীয়া ধন ১,২৫০ টকালৈ বৃদ্ধি কৰা হয়। তেওঁ কয় যে ইয়াৰ পাছতো যথেষ্ট সংখ্যক মহিলা আঁচনিখনৰ পৰা বাদ পৰি যোৱা বুলি উপলব্ধি কৰি চৰকাৰে ৩৮ লাখৰো অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় ৩.০ প্ৰৱৰ্তন কৰিছে।
বড়োলেও আঞ্চলিক পৰিষদৰ অধীনৰ জিলাকেইখনত অলপতে অনুষ্ঠিত নির্বাচনৰ বাবে এই আঁচনিৰ ৰূপায়ণত কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে বিটিচিৰ ছয় লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব।
মুখ্যমন্ত্রীয়ে কয় যে অৰুণোদয় আঁচনিক হিতাধিকাৰীকেন্দ্রিক আঁচনি বুলি একাংশ লোকে সমালোচনা কৰে, কিন্তু এই আঁচনি মাথোঁ হিতাধিকাৰীলৈ আগবঢ়োৱা এক আর্থিক সাহায্য নহয়, ই হৈছে ৰাজ্যৰ মহিলা আৰু মাতৃ সমাজৰ প্ৰতি ৰাজ্য চৰকাৰে আগবঢ়োৱা এক সম্মান, এক কৃতজ্ঞতাৰ চিন।
ড° শৰ্মাই কয় যে যোৱা ছেপ্টেম্বৰত লাভ কৰিবলগীয়া কিস্তিৰ স’তে মিলাই অহা ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলে ৰাজ্য চৰকাৰৰ পৰা এক ডাঙৰ উপহাৰ লাভ কৰিব। অহা এক নৱেম্বৰৰ পৰা ৰেছন কার্ড থকা পৰিয়ালসমূহে সুলভ মূল্যত দাইল, নিমখ আৰু চেনিও লাভ কৰিব বুলি তেওঁ ঘোষণা কৰে। অৰুণোদয়ৰ হিতাধিকাৰীসকলে ৰন্ধন গেছৰ প্ৰপত্ৰ জমা দিলে চৰকাৰে ৰাজসাহায্য হিচাপে অতিৰিক্ত ২৫০ টকা প্রদান কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে পৰৱৰ্তী সময়ত বেছন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত মিঠাতেল প্ৰদানৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিব।
মুখ্যমন্ত্রী ড° শমাই কয় যে ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভর্তি, ছাত্রীসকললৈ বিনামূলীয়া চাইকেল আৰু স্কুটী প্রদান, ছোৱালীৰ পঢ়া-শুনাৰ বাবে নিযুত মইনাৰ অধীনত আর্থিক সাহায্য প্রদান আদিৰ জৰিয়তে দৰিদ্ৰসকলক সকাহ দিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। অৰুণোদয়ৰ হিতাধিকাৰীসকলক কোনো বেমেজালি নোহোৱাকৈ আঁচনিখনৰ ধন লাভ কৰি থাকিবৰ বাবে বেংকৰ কে-বাই-চি নথি-পত্র সময়মতে জমা দি অদ্যাৱধিকৃত কৰি ৰাখিবলৈ তেওঁ আহ্বান জনায়।
আনহাতে অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ ম’বাইলৰ ফোন নম্বৰ সলনি হ’লে সেই বিষয়েও কর্তৃপক্ষক অৱগত কৰিবলৈ তেওঁ আহ্বান জনায়। এতিয়াৰে পৰা প্ৰতিটো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এগৰাকীকৈ অৰুণোদয় সহায়ক থাকিব বুলি উল্লেখ কৰি শৰ্মাই কয় যে হিতাধিকাৰীসকলে সম্মুখীন হোৱা যিকোনো অসুবিধাৰ বাবে অৰুণোদয় সহায়কক অভিযোগ দাখিল কৰিব পাৰিব। হিতাধিকাৰীসকলে অভিযোগ দাখিলৰ বাবে চৰকাৰে অচিৰেই এটা ফোন নম্বৰ মুকলি কৰিব বুলি অৱগত কৰি তেওঁ কয় যে তাৰ জৰিয়তেও হিতাধিকাৰীসকলে নিজৰ অভিযোগ বা অসুবিধাৰ বিষয়ে চৰকাৰক জনাব পাৰিব।
দুর্ভাগ্যবশতঃ কোনো অৰুণোদয় হিতাধিকাৰীৰ মৃত্যু হ’লে সেই বিষয়েও চৰকাৰক অৱগত কৰি পৰিয়ালৰ আন যোগ্য হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।
মুখ্যমন্ত্রীয়ে দাবী কৰে কয় যে অৰুণোদয় আঁচনিৰ সফলতাই আজি দেশৰ আন ৰাজ্যসমূহকো অনুপ্রাণিত কৰিছে। অসমৰ আদৰ্শেৰে আজি চত্তিছগড়, মধ্য প্রদেশ, কণটিক আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যয়ো অৰুণোদয় মডেল গ্রহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।
বিত্ত বিভাগৰ আয়ুক্ত-সচিব জয়ন্ত নার্লিকাৰে আদৰণি ভাষণ প্ৰদান কৰা কালিৰ এই কেন্দ্ৰীয় অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগেও বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সুমন হৰিপ্রিয়া, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব ৰবি কোটা প্রমুখ্যে বিত্ত বিভাগ, জিলা প্রশাসন আৰু অন্যান্য বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থকাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আয়োজিত অনুষ্ঠানসমূহত অন্যান্য মন্ত্রী-বিধায়ক-সাংসদ আদি জনপ্রতিনিধিসকল, সমাজকর্মীসকল তথা অৰুণোদয় ৩.০ৰ হিতাধিকাৰীসকল উপস্থিত থাকে।
