Trio of physicists win Nobel Prize:কোৱান্টাম বলবিজ্ঞানৰ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি কৰি চলিত বৰ্ষৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিলে তিনিগৰাকী বিজ্ঞানীয়ে। এই তিনি কৃতবিদ্য বিজ্ঞানী হ’ল ব্রিটেইনৰ জন ক্লার্ক, ফ্রান্সৰ মিচেল এইছ ডেভ’ৰেট আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন এম মার্টিনিজ।
বিজ্ঞানী তিনিগৰাকীলৈ ২০২৫ৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰি ৰয়েলছ ছুইডিছ একাডেমীয়ে কয়, ‘বৈদ্যুতিক বর্তনীত বৃহৎ কোৱান্টাম বলবিজ্ঞানগত শক্তি প্ৰেৰণ আৰু শক্তিৰ পৰিমাণ নির্ধাৰণৰ আৱিষ্কাৰৰ বাবে এই তিনি বিজ্ঞানীক এইবাৰৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছে।
তেওঁলোকৰ আৱিষ্কাৰে কোৱান্টাম পদার্থ বিজ্ঞানৰ এক নতুন দিগন্ত মুকলি কৰিছে।’ ন’বেল সমিতিৰ নিয়ম অনুসৰি বিজ্ঞানীক ক্লার্ক, মিচেল আৰু মার্টিনিছৰ মাজত সমানে ভাগ হ’ব বঁটাৰ স’তে আগবঢ়োৱা প্রায় ১১ লক্ষ ডলাৰ।
উল্লেখ্য যে ২০২২ত কোৱান্টাম বলবিজ্ঞান সংক্রান্তীয় মৌলিক গৱেষণাৰ স্বীকৃতিৰূপে ন’বেল বঁটা লাভ কৰে এলান আছপেক, জন ফ্রান্সিছ ক্লাউছাৰ আৰু এণ্টন জাইলিংগাৰ নামৰ তিনিজন পদার্থ বিজ্ঞানীয়ে। ইয়াৰ তিনি বছৰৰ পাছত পুনৰ কোৱান্টাম বলবিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা কৰা বিজ্ঞানীলৈ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।
চলিত বৰ্ষৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা এই তিনি বিজ্ঞানীৰ পৰীক্ষা-নিৰীক্ষাই দেখুৱাইছে যে কোৱান্টাম বলবিজ্ঞানগত ধর্মক এক বৃহৎ পৰিমাপত কায়িক ৰূপ দিব পাৰি। এই বিজ্ঞানী কেইগৰাকীৰ কৰ্মই পৰৱৰ্তী প্ৰজন্মৰ কোৱান্টাম প্রযুক্তিবিদ্যাৰ বিকাশ সাধনৰ সুযোগ দিছে।
এই পৰৱৰ্তী প্ৰজন্মৰ কোৱান্টাম প্রযুক্তিবিদ্যাই কোৱান্টাম কম্পিউটাৰ, কোৱান্টাম ছেন্সৰ, কোৱান্টাম গুপ্ত লিখনীক সামৰি লৈছে। উল্লেখ্য যে এইবাৰৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা তিনি বিজ্ঞানীৰ অন্যতম ক্লার্ক বর্তমানে কেলিফর্ণিয়া বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছে। তেওঁৰ জন্ম ব্রিটেইনত হৈছিল।
তেওঁলোকৰ এই আৱিষ্কাৰ সম্পর্কত ক্লার্কে কয় যে এই আৱিষ্কাৰ হৈছে কোৱান্টাম কম্পিউটিঙৰ আধাৰ। ক্ষুদ্র মাপত কণাসমূহে কেনে আচৰণ কৰে সেই সম্পৰ্কীয় বিজ্ঞানৰ সূত্ৰ ব্যৱহাৰ কৰা এক নতুন পদ্ধতিৰ গণনা বা কম্পিউটিঙক কোৱান্টাম কম্পিউটিং বুলি জনা যায়।
উল্লেখ্য যে কোৱান্টাম বলবিজ্ঞানেই হৈছে সকলো ডিজিটেল প্রযুক্তিৰ আধাৰ। ন’বেল বঁটা লাভ কৰাৰ খবৰ পোৱাৰ পাছত অনুভৱ ব্যক্ত কৰি বিজ্ঞানীজনে কয়, ‘মই সম্পূর্ণরূপে শিহৰিত হৈছো। মই কেতিয়াও ভবা নাছিলো যে আমাৰ এই আৱিষ্কাৰ ন’বেল বঁটাৰ বাবে বিবেচিত হ’ব।’ তেওঁ সতীর্থ দুই ন’বেল বঁটা প্রাপকক ধন্যবাদ জনায়। এই তিনি পদার্থ বিজ্ঞানীৰ আন এজন ডেভ’ৰেটৰ জন্ম ফ্রান্সত হৈছিল।
বর্তমানে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েল বিশ্ববিদ্যালয় আৰু কেলিফর্ণিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। তেওঁলোকৰ সতীর্থ মার্টিনিছো কেলিফর্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক।
উল্লেখ্য যে পদার্থ বিজ্ঞানৰ ন’বেল বঁটাক বিজ্ঞানৰ এই শাখাত সবাতোকৈ সম্মানীয় বঁটা আখ্যা দিয়া হয়। এতিয়ালৈ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকসকলৰ মাজত আছে আপেক্ষিকতাবাদৰ জনক এলবাৰ্ট আইনষ্টাইন, পীয়েৰ ক্যুৰী, মেৰি ক্যুৰী, মেক্স প্লাংক, নীলছ ব’ৰ (কোৱান্টাম তত্ত্বৰ অগ্রদূত) আদিৰ দৰে বিশ্বখ্যাত বিজ্ঞানী।






























