Kokrajhar:
সাংবিধানিক নিয়ম অনুসৰি আজি বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদবর্গই শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ ত্রিদিপ দৈমাৰীয়ে মুখ্য কার্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু উপ-মুখ্য কার্যবাহী সদস্য ৰিহণ দৈমাৰীসহ নৱনিৰ্বাচিত পাৰিষদসকলক সাংবিধানিক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। এই পাৰিষদসকলৰ ২৮ গৰাকী বিপিএফৰ, সাত গৰাকী ইউপিপিএলৰ আৰু পাঁচ গৰাকী বিজেপিৰ।
উল্লেখ্য যে দূৰণিবটীয়া পাৰিষদসকলে বিটিচিৰ সদৰ কোকৰাঝাৰত বুধবাৰেই উপস্থিত হৈ বাহৰ পাতিছে। উল্লেখ্য যে যোৱা পাঁচ অক্টোবৰত মহিলাৰীয়ে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ উপস্থিতিত চতুৰ্থবাৰৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু ৰিহণ দৈমাৰীয়ে উপ-মুখ্য কাৰ্যবাহীৰূপে শপত গ্রহণ কৰে।আনহাতে, মহিলাৰীৰ নেতৃত্বত আগন্তুক বিটিচি পৰিষদত ১২ গৰাকী কাৰ্যবাহী সদস্য থাকিব বুলি তথ্য প্রকাশ পাইছে যদিও কোনে কোনে কি দায়িত্ব পাব, তেওঁলোকৰ নাম-তালিকা ৰাজহুৱা হোৱা নাই।
এনে অৱস্থাতে চর্চা হৈছে যে অহা ১৩ অক্টোবৰত নতুন পৰিষদৰ কাৰ্যবাহী সদস্যবর্গই শপত গ্ৰহণ কৰিব।
ইপিনে, আগন্তুক বিটিচি বিধান পৰিষদৰ অধ্যক্ষৰূপে ত্রিদিপ দৈমাৰীৰ নাম উচ্চাৰিত হোৱাৰ বিপৰীতে উপাধ্যক্ষ ৰূপে বিজেপি পাৰিষদ তথা প্রাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৰ নাম চর্চাত আছে। সকলো ঠিকে থাকিলে ত্রিদিপ দৈমাৰী আৰু ৰেখাৰাণী দাসবড়ো বিটিচি বিধান পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।
ADVERTISEMENT




































