Cid HQ:
অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ তদন্তৰ গতি যিমানে আগবাঢ়িছে, সিমানে এটাৰ পাছত আনটো প্রশ্ন উত্থাপন হৈছে।সামাজিক মাধ্যমত আৰু বাস্তৱ জীৱনতো বহু প্রশ্নই আৱৰি ধৰিছে।
১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক পৰিৱেশত মৃত্যুক সাৱটি লোৱা হাৰ্টথ্ৰৱ গৰাকীৰ মৃত্যুৰ তদন্ত কৰি থকা এছ আইটিৰ ওচৰত সোমবাৰে হাজিৰ হ’লহি তিনি প্ৰবাসী অসমীয়া ক্ৰমে পৰিক্ষিত শৰ্মা,সিদ্ধাৰ্থ বৰা আৰু জিঅলাংচাত নাৰ্জাৰী ৷ তিনিও পুৱাই চিআইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে জেৰাৰ সন্মুখীন হয় এছআইটিৰ ৷
আনহাতে আজি আন আৰু কে’বাজনো প্ৰৱাসী গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে I উল্লেখ্য যে,ইয়াৰ পূৰ্বে এজন প্ৰৱাসী অসমীয়া এছ আই টিক ভাষ্যদান কৰি উভতি যায় ছিংগাপুৰলৈ ৷
ADVERTISEMENT




































