SDGP Munna Prasad Gupta:
আজি এছআইটিয়ে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা জুবিন গাৰ্গ মৃত্যুৰ অভিযোগনামা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে এছআইটিৰ মুৰব্বী মুন্নাা প্রসাদ গুপ্তাই।
চিআইডি হেড কোৱাৰ্টাৰত অনুষ্ঠিত সংবাদমেলত এছডিজিপি গৰাকীয়ে কয়,জুবিন গাৰ্গ মৃত্যুৰ ১৮/২০২৫ গোচৰত চিজেএম আদালতত দাখিল কৰা হয় চাৰ্জশ্বীট ৷ অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিএনএছৰ ৬১(২), ১০৩ (১), ৩১৬ (৫) ধাৰাত গোচৰ সন্নিৱিষ্ট কৰাৰ বিপৰীতে শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ ৩, ৬১, ১০৩, ৩০৮, ৩১৮, ২৩৮নং ধাৰাত গোচৰ ৰজু কৰা হৈছে ৷ একেদৰে আন এজন অভিযুক্ত শেখৰজ্যোতিৰ বিৰুদ্ধে বিএনএছ ৩, ৬১, ১০৩, ৩১৮, ৩১৬নং ধাৰাত গোচৰ ৰজু কৰা হৈছে। একেদৰে অমৃতপ্রভা মহন্তৰ বিৰুদ্ধে ১০৩ ধাৰা হত্যাৰ গোচৰ ৰজু কৰা হৈছে ৷ সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ ১০৫নং ধাৰাত গোচৰ ৰুজু কৰাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে চিবিটি ধাৰা আৰোপ কৰা হৈছে ৷
চিআইডিৰ মুৰব্বী গৰাকীয়ে আৰু কয় যে,মূল অভিযোগনামাত আছে ২৫০০ পৃষ্ঠা আৰু সংলগ্ন নথিৰ সৈতে অভিযোগনামাৰ সৰ্বমুঠ সংখ্যা হৈছে ১২হাজাৰ পৃষ্ঠা ৷


































