দীপান্বিতাৰ পূৰ্বে বৃদ্ধি কুমাৰৰ ব্যস্ততা : মৰাণৰ দিহাজান লাওখোৱাত কাতি বিহু-দেৱালীৰ বাবে তিনি সহোদৰে নিৰ্মাণ কৰিছে দুই লাখ মাটিৰ চাকি

IMG 20251016 123309

কাতি বিহু আৰু দীপাৱলীলৈ মাজত মাথোঁ দুটামান দিন বাকী। ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। দুটা দিনৰ পাছতে অসমৰ ৰাইজে কাতি বিহু আৰু দীপাবলী অনুষ্ঠিত কৰিব।

কাতি বিহুৰ দিনটোত নিজৰ হেঁপাহৰ পথাৰখন আৰু দীপাৱলীৰ দিনা আপোনাৰ ঘৰৰ চৌপাশ আলোকৰে উজলাই তুলিবলৈ দিন-ৰাতি একাকাৰ কৰিছে কুমাৰসকলে।

আপোনাৰ-মোৰ ঘৰ আৰু পদূলিমুখ আলোকাজ্জ্বল কৰি জিলিকাই তুলিবলৈ কুমাৰসকলে সাজি উলিয়াইছে সৰু-বৰ বিভিন্ন

আকৃতিৰ মাটিৰ চাকি; কিন্তু আধুনিক সমাজ ব্যৱস্থাৰ প্ৰভাৱত অসমৰ শ শ বছৰ পুৰণি মৃৎশিল্পীক জীয়াই ৰাখিবলৈ কুমাৰসকলৰ সন্মুখত এতিয়া বৃহৎ প্রত্যাহ্বান আহি পৰিছে।

তথাপি কাতি বিহু আৰু দীপান্বিতাৰ পূর্বে বৃদ্ধি পাইছে কুমাৰসকলৰ ব্যস্ততা। বজাৰত চীনা ৰং-বিৰঙী লাইট আৰু চাকি উভৈনদী হৈ পৰাৰ লগে লগে থলুৱা মৃৎশিল্পী তথা কুমাৰসকলৰ ব্যৱসায়ত বিৰূপ প্রভাৱ পৰিছে যদিও নিজৰ সংস্কৃতি ধৰি ৰাখিছে মৃৎশিল্পীসকলে।

ডিব্ৰুগড় জিলাৰ মৰাণৰ দিহাজান লাওখোৱাত এই পৰিয়ালটোৱে পৰম্পৰাগতভাৱে এই বৃত্তি ধৰি ৰখাৰ লগতে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে। পৰিয়ালটোৰ তিনি সহোদৰে একেলগে এইবাৰ কাতি বিহু আৰু দীপাৱলীৰ বাবে নিৰ্মাণ কৰিছে দুই লাখ মাটিৰ চাকি।

তিনি সহোদৰ ক্ৰমে জয় প্রকাশ কুমাৰ, বিজু কুমাৰ আৰু বিজয় প্রকাশ কুমাৰ তিনিওজনেই স্নাতক ডিগ্রীধাৰী যুৱক। তিনিওজনে দিনে-নিশাই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত। পৈতৃক কর্ম হিচাপে মৃৎশিল্পকে জীৱিকাৰ পথ বাছি লোৱা যুৱককেইজনে বিভিন্ন আৰ্হিৰ মাটিৰ চাকিৰ লগতে কলহ, টেকেলি, ধূনা চাকিকে ধৰি মাটিৰ দ্বাৰা বহু সামগ্ৰী প্ৰস্তুত কৰি নিজক স্বাৱলম্বী কৰাৰ লগতে অসমীয়া জাতিৰ এই পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস কৰিছে।

ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ প্রাক্তন সভাপতি তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত বৰুৱাই কাতি বিহু আৰু দীপাৱলীৰ বাবে মাটিৰ চাকি ক্ৰয় কৰিবলৈ মৰাণৰ দিহাজান লাওখোৱাৰ এই পৰিয়ালটোৰ গৃহত উপস্থিত হোৱাত তেওঁ কয়, ‘কাতি বিহু আৰু দীপাৱলীৰ বাবে চাকি ক্রয় কৰিবলৈ আহিছিলো। এই পৰিয়ালটোৱে বছৰ বছৰ ধৰি অতি কষ্টৰে এই পৰম্পৰাটো ধৰি ৰাখিছে। সকলোকে মাটিৰ চাকি ক্ৰয় কৰি কাতি বিহু আৰু দীপাৱলী পালন কৰিবলৈ আহ্বান জনাইছো। কষ্টকৰ বুলি এই কাম বহু লোকে এৰি দিছে; কিন্তু এই পৰিয়ালটোৱে এই পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছো।লগতে কাতি বিহু আৰু দীপাৱলীত সকলোকে থলুৱাভাৱে নিৰ্মাণ কৰা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছো।’

Exit mobile version