Kati Bihu :
আজি কাতি বিহু ৷ আজিৰ দিনটো অসমীয়া কৃষিজীৱী ৰাইজৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন ৷ কঠোৰ পৰিশ্ৰমৰ পাছত পথাৰত যাতে পোক-পতংগই খেতিপথাৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সন্ধিয়া আকাশ বন্তিৰ পোহৰেৰে উজ্জ্বলি উঠিব শস্যৰ পথাৰ। একেদৰে তুলসীৰ তলত বন্তি জ্বলাই আৰাধনা কৰা হ’ব লক্ষ্মীক ৷
‘দৈনিক অগ্ৰদূত ডিজিটেল’ৰ তৰফৰ পৰা কাতি বিহু এই পবিত্ৰ দিনটোত ৰাজ্যবাসীৰ মংগল কামনা কৰা হ’ল ৷
