Kickboxing Championship :
সৰুপথাৰ সমজিলালৈ পুনৰ এক সু-খবৰ। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা ১৮ আৰু ১৯অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা দশম সংখ্যক সদৌ অসম কিক বক্সিং চেম্পিয়নশ্বীপ ২০২৫ প্ৰতিযোগিতাত সৰুপথাৰ সমজিলাৰ চুঙাজান লিটল লাৰ্ণাৰচ একাডেমিয়ে ৯টাকৈ পদক আজুৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। প্ৰশিক্ষক সুজিত তাঁতীৰ নেতৃত্বত গোলাঘাট জিলাৰ হৈ চুঙাজান লিটল লাৰ্ণাৰচ একাডেমিৰ পৰা মুঠ ৯গৰাকী প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ এগৰাকীয়ে সোণ, পাঁচ গৰাকীয়ে ৰূপ আৰু তিনিগৰাকীয়ে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়।
প্ৰশিক্ষক সহ ৯জনীয়া দলটো গুৱাহাটীৰ পৰা ইন্টাৰচিটি ৰেলযোগে আজি ৰাতিপুৱা ৬মান বজাত সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হয় আৰু লিটল লাৰ্ণাৰচ একাডেমিৰ অধ্যক্ষা গীতা শৰ্মাই সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হৈ আটাইকে অভিনন্দন জনাই। উল্লেখ্য যে লিটল লাৰ্ণাৰচ একাডেমিৰ উক্ত দলটোৱে প্ৰশিক্ষক সুজিত তাঁতীৰ অধীনত বিগত এবছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু ইয়াৰ পূৰ্বেও তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সু-নাম কঢ়িয়াবলৈ সক্ষম হৈছে।




































