Statue of Zubeen Garg in Kahilipara:
এমাহ পূর্বে হেৰাই গৈছিল জুবিন গাৰ্গ নামৰ কায়িক সত্তাটো। যোৱা এমাহে শোকৰ জুয়ে দগমগাই আছে অসমৰ প্ৰতিজন লোকৰ সিৰাই-উপসিৰাই। যোৱা ৩০টা দিনে জুবিন অনুৰাগী লাখ লাখ লোকে ভালকৈ শুব পৰা নাই, প্রাণ খুলি হাঁহিব পৰা নাই।
দেওবাৰে জুবিনৰ এমহীয়া শ্রাদ্ধ ৰাজ্যজুৰি আয়োজন কৰা হয়। স্বেচ্ছাই ৰাজ্যৰ চুকে-কোণে ৰাইজে আয়োজন কৰে বিভিন্ন কাৰ্যসূচী। প্ৰাণৰ শিল্পীৰ সোঁৱৰণত ৰাজ্যৰ আকাশ-বতাহ মুখৰিত হৈ পৰে। জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীক এনেদৰে অকালতে তাকো পৰিস্থিতিত কেতিয়াবা হেৰুৱাব বুলি কোনেও কল্পনাই কৰিব পৰা নাছিল। বাস্তৱতাৰ বহু উর্ধ্বত আছিল জনতাৰ জুবিন। সেই জুবিনেই যেতিয়া সুদূৰ ছিংগাপুৰৰ সাগৰৰ বুকুত ৰহস্যজনক মৃত্যুক সাবটি লয়, তেতিয়াৰে পৰা সমগ্ৰ অসম ক’ৰবাত যেন স্থৱিৰ হৈ পৰে।
দেওবাৰে জুবিন গাৰ্গৰ এমহীয়া শ্রাদ্ধ পৰিয়ালৰ লগতে ৰাইজেও পালন কৰে। পৰিয়ালৰ দ্বাৰা এমহীয়া শ্রাদ্ধৰ পৰম্পৰাগত ৰীতি-নীতিৰে শিল্পীগৰাকীৰ দ্বিতীয় ঘৰসদৃশ মহানগৰীৰ জোনালীস্থিত ষ্টুডিঅ’ত পালন কৰা হয়। পত্নী গৰিমা শইকীয়া গার্গে কয় যে এই ষ্টুডিঅ’টো আছিল জুবিনৰ জীৱনৰ অংশ। সেয়েহে এমহীয়া শ্রাদ্ধ ষ্টুডিঅ’ৰ বাকৰিত সম্পন্ন কৰা হৈছে। পৰিয়ালৰ লগতে বহু লোকৰ সমাগম হয় এই অনুষ্ঠানত। দল-সংগঠনৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি জুবিনৰ ঘনিষ্ঠ অজস্র লোকৰ ইয়াত সমাগম হয়। সহপাঠীৰ পৰা আৰম্ভ কৰি শিল্পী, বাদ্যযন্ত্রী, সকলোৱে ভিৰ কৰে। সুদূৰ ইটালীৰ পৰা আহি ইয়াত উপস্থিত হয় আন্তর্জাতিক খ্যাতসম্পন্ন শিল্পী তথা গ্ৰেমী পুৰস্কাৰৰ বাবে মনোনীত জিঅ’কণ্ডা ভেচ্ছিচেলী।
উল্লেখ্য যে এইগৰাকী শিল্পীয়ে জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ সংগীতৰ এটা অংশত কণ্ঠদান কৰিছে। তেতিয়াৰে পৰা জুবিনৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰা জিঅ’কণ্ডা দেওবাৰে আহি এমহীয়া শ্রাদ্ধত উপস্থিত হয়। শোকাহত হৈ পৰা জিঅ’কণ্ডাই কয়, ‘মই বিশ্বাস কৰো জুবিন পৃথিৱীৰ পৰা আঁতৰি গ’লেও দূৰৰ পৰা আমাক সকলোকে চাই আছে। জুবিনে আমাক সদায় আশীর্বাদ দি যাব।
তেওঁ এতিয়া ভগৱানৰ ঘৰৰ আলহী। ভগৱানে জুবিনক ন্যায় দিব।’ জুবিনৰ স্মৃতিক সুঁৱৰি জিঅ’কণ্ডাই লগতে কয় যে তেওঁ যোৱা মাৰ্চত ‘ৰৈ ৰৈ বিনালে’ শ্বুটিঙৰ বাবে অসমলৈ আহিছিল। শ্বুটিং যেতিয়া শেষ হৈছিল, জুবিনে হুকহুকাই কান্দিছিল। জুবিনে কিয় কান্দিছিল তেওঁ প্রথমে বুজা নাছিল। তেওঁ পাছত গম পাইছিল যে সেই কান্দোন আছিল সন্তুষ্টিৰ।
ষ্টুডিঅ’ৰ বাকৰিত ধৰ্মীয় ৰীতি-নীতি পালন আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয়। জুবিনবিহীন জোনালীৰ ষ্টুডিঅ’ যোৱা এমাহে নিজম হৈ পৰি ৰৈছিল। মানুহৰ আহ-যাহ চলিছিল যদিও ক’ৰবাত যেন ষ্টুডিঅ’টোত প্রাণ নাছিল। জুবিনৰ স্মৃতিত যি আয়োজন কৰা হয়, সেয়াও স্বাভাৱিকতে আছিল ডাঙৰ এক শূন্যতা। প্রাকৃতিক পৰিৱেশত অৱস্থিত ষ্টুডিঅ’টোলৈ উৰি আহে জাক জাক চৰাই। জুবিন চৰাইবোৰৰ বন্ধু আছিল। জীব-জন্তু প্রেমী জুবিনে সিহঁতক খাদ্যৰ যোগান ধৰিছিল।
জুবিন হেৰাই যোৱাৰ পাছত কে’বাদিনো চৰাইবোৰ অহা নাছিল। হয়তো সিহঁতেও অনুভৱ কৰিছিল সৃষ্টি হোৱা শূন্যতাৰ মাজে মাজে যেন খবৰ ল’বলৈহে আহিছিল। আজিও আহে চৰাইজাক। জুবিনৰ মৰমৰ কুকুৰকেইটাও এই স্টুডিঅ’ৰে আৱাসী। সিহঁতো যোৱা এমাহে উদাস হৈয়ে ৰয়। সিহঁতৰ আপডালত হীন-ডেঢ়ি কৰা হোৱা নাই। তথাপি যেন সিহঁত আগৰ দৰে প্ৰাণৱন্ত হৈ থকা নাই। ষ্টুডিঅ’ত আয়োজিত কার্যসূচীত জুবিনৰ পিতৃ-ভগ্নী আদিকে ধৰি পৰিয়াল, আত্মীয়-স্বজনো উপস্থিত থাকে।
কাহিলীপাৰাৰ বাসগৃহতো দেওবাৰে নাম-প্রসংগ অনুষ্ঠিত হয়। স্বেচ্ছাই পুৰুষ-মহিলাৰ ইটোৰ পাছত সিটো দলে আহি জুবিনৰ আৱাস থকা চিনার্জি এনক্লেভৰ চৌহদত নাম পৰিবেশন কৰে। এপার্টমেণ্টৰ আৱাসীসকলে এই সকলো আয়োজনৰ তদাৰক কৰে। ইয়াতো অসংখ্য লোকৰ সমাগম হয়। ক’ৰ পৰা কোন আহিছে কোনেও নাজানে। সকলোরে স্বেচ্ছাই আহে, জুবিনৰ সজাই থোৱা প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জনায় আৰু দীর্ঘ সময় তাতেই ৰৈ যায়। প্রত্যেকৰে চকু আছিল গধুৰ। বহুতে ৰখাব পৰা নাছিল পাৰ ভাঙি নামি অহা চকুলো। ইয়াৰ আৱাসীসকলে আজি জুবিনৰ প্ৰিয় নাহৰ পুলিও ৰোপণ কৰে। কি ঘৰ, কি ষ্টুডিঅ’, সকলোতে শোকাহত জনতাই প্রিয় শিল্পীৰ মৃত্যুৰ ন্যায় দাবী কৰে। গৰিমা শইকীয়া গার্গে কয়, ‘জুবিনৰ লগত কি হৈছিল, আমি সকলোৱে জানিব বিচাৰো। অসমবাসীয়ে জানিব বিচাৰে। নিয়মমতে সকলোখিনি হওক। অভিযোগনামা দিবলৈ তিনি মাহ সময় লাগে। যেনেকৈয়ে নহওক নিয়মমতে হওক; কিন্তু আমি জানিব বিচাৰো কি হৈছিল আচলতে। এতিয়ালৈকে জানিব নোৱাৰা বাবেই আমি একোতে আগবাঢ়িব পৰা নাই। মনৰ ভিতৰত যি অশান্তি আৰু অন্তর্দ্বন্দ্বত ভুগি আছো, নাজানো কোনে কিমান অনুধাৱন কৰিব পাৰে! গোটেই অসমৰ মানুহে এতিয়া এটা উত্তৰৰ বাবেই ৰৈ আছে- জুবিনৰ লগত শেষত কি হৈছিল? আমি ন্যায় আৰু ভাৰতীয় আইনৰ ওপৰ ওপৰত আস্থা নাৰাখি কাৰ ওপৰত আস্থা ৰাখিম?’
# কাহিলীপাৰাত প্রতিমূর্তি উন্মোচন
বৃহত্তৰ কাহিলীপাৰাবাসীৰ উদ্যোগতো দেওবাৰে ফৰেনচিক বিজ্ঞানাগাৰ খেলপথাৰত জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা শ্রদ্ধাঞ্জলি জ্ঞাপনৰ লগতে সর্বধর্ম প্রার্থনাৰ আয়োজন কৰা হয়। এই কার্যসূচীতে ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী নুৰুদ্দিন আহমেদে সাজি উলিওৱা জুবিনৰ এটা প্রতিমূর্তি উন্মোচন কৰা হয়। মাত্র ১৮ দিনতে ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াই আহমেদে। কাহিলীপাৰাবাসীৰ এই অনুষ্ঠানতো শশ লোকৰ সমাগম হয়। কাহিলীপাৰাৰ উপৰি গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা অহা লোকেও ইয়াত ভিৰ কৰে। ভিন ভিন ধৰ্মৰ বিশ্বাসী লোকসকলে নিজৰ নিজৰ ধৰণৰে হিয়াৰ আমঠু শিল্পীগৰাকীক অশ্রুসিক্ত নয়নৰে শ্ৰদ্ধাঞ্জলি জনায়।




































