সাত লক্ষ বছৰৰ পাছত জাগ্ৰত হ’ল ইৰানৰ আগ্নেয়গিৰি

IMG 20251023 105701

কিছু দশক বা শতিকা নহয়, বিগত সাত লাখ ১০ হেজাৰ বছৰ ধৰি সুপ্ত অৱস্থাত আছিল ইৰানৰ তাফতান আগ্নেয়গিৰি। অথচ সকলোকে চমক দি পূব ইৰানৰ সেই নিষ্ক্রিয় আগ্নেয়গিৰি এইবাৰ পুনৰ জাগ্ৰত হোৱাৰ বাবে সাজু হৈছে।

ভূপৃষ্ঠৰ পৰা ১৩ হেজাৰ ফুট উচ্চতাৰ সেই আগ্নেয়গিৰিৰ পৰা ইমান বছৰৰ পাছত নতুনকৈ ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে। ইয়াৰ জ্বালামুখী অংশ ফুলি উঠিছে। শীঘ্রেই তীব্র বিস্ফোৰণত তাৰ পৰা উদ্‌গীৰণ ঘটিব বুলি আশংকা কৰিছে বিজ্ঞানীসকলে।

উপগ্রহ চিত্রত দেখা গৈছে যে ২০২৩ৰ জুলাইৰ পৰা ২০২৪ৰ মে’ৰ ভিতৰত আগ্নেয়গিৰিৰ চূড়াৰ অংশ ফুলি উঠিছিল। সেয়া আৰু পূর্বাৱস্থালৈ ঘূৰি নগ’ল। পৰিৱৰ্তে আৰু বৃদ্ধিহে পাবলৈ ধৰিছে। বিগত ১০ মাহত সেই অংশ প্রায় চাৰে তিনি ইঞ্চি ফুলি উঠিছে। সেই আগ্নেয়গিৰিৰ পৰা সম্প্রতি ধোঁৱাও ওলাবলৈ আৰম্ভ কৰিছে। এই পর্যন্ত তাফতান আগ্নেয়গিৰিৰ জ্বালামুখী সম্পূর্ণৰূপে খোল খোৱা নাই। বৰঞ্চ মুখৰ কাষৰ অংশ বাঢ়ি আছে।

বিজ্ঞানীসকলে জনাইছে যে আগ্নেয়গিৰিৰ ডিঙিৰ কাষত গেছৰ বৈকুণ্ঠব সাংস্কৃতির। জগতলৈ জুবিনক স্বাগতম চাপো বাঢ়িব পাৰে। যোৱা সাত অক্টোবৰত জিঅ’ফিজিকেল ৰিছাৰ্চ লেটাৰ্ছ জার্ণালত এই বিষয়ত গৱেষণাপত্র প্রকাশ পাইছে। এই মুহূর্তত ইয়াক তীক্ষ্ণ দৃষ্টিত ৰখা হৈছে।

স্পেইনৰ ইনষ্টিটিউট অব নেচাৰেল প্র’ডাক্টছ এণ্ড ৰিছার্চ এণ্ড এগ্র’বায় ‘লজিৰ গৱেষক তথা আগ্নেয়গিৰি বিশেষজ্ঞ পাবলো গঞ্জালেজে আৱিষ্কাৰ কৰে যে এই পৰিৱৰ্তন বৃষ্টিপাত বা ভূমিকম্পৰ কাৰণে হোৱা নাই। বৰঞ্চ সেই পৰিৱৰ্তন আগ্নেয়গিৰিৰ গভীৰত, শিখৰৰ পৰা ১৬০০ ৰ পৰা ২০০০ ফুট তলত কোনো ঠাইত উদ্ভুত হৈছে। হল’চিন যুগ অর্থাৎ ১১,৭০০ বছৰৰ আগৰ পৰাই উদ্‌দ্গীৰণ নঘটা আগ্নেয়গিৰিসমূহক ‘মৃত’ বা ‘অবলুপ্ত’ আগ্নেয়গিৰি বুলি কোৱা হয়।

অথচ তাফতানৰ ক্ষেত্রত সাত লাখ ১০ বছৰ ধৰি উদ্‌দ্গীৰণ হোৱা নাই। সেয়ে স্বাভাৱিকভাৱে তাফতানক কোন গোত্ৰত ৰখা উচিত, সেই প্রসংগত চিন্তা-চৰ্চাৰ সময় আহিছে বুলিও গঞ্জালেজে মন্তব্য কৰিছে।

তেওঁ জনাইছে যে তাফতানৰ পৰা পুনৰ উদ্‌দ্গীৰণ ঘটিবলৈ ওলাইছে। এই মুহূর্তত নহ’লেও হোৱাটো নিশ্চিত। তাৰ ৰূপ ভয়াৱহ হ’ব পাৰে, আকৌ সিমান ভয়ংকৰ নহ’বও পাৰে। সেয়ে এতিয়াৰ পৰাই তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।

এই মুহূর্তত তাফতান আগ্নেয়গিৰিৰ পৰা ধোঁৱাৰ আকাৰত গেছ ওলাই আছে। প্রায় ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত খাছ চহৰতো এই গেছৰ গোন্ধ পোৱা গৈছে। ঠিক কি কাৰণত ইমান যুগৰ পাছত তাফতান জাগ্রত হ’বলৈ ওলাইছে, সেয়া এই পর্যন্ত নির্দিষ্টভাবে জানিব পৰা হোৱা নাই।

অৱশ্যে একাংশ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে ভূমিকম্প তথা অতিবৃষ্টিও ইয়াৰ বাবে দায়ী হ’ব পাৰে।

Exit mobile version