বিশ্বত অতি ধনাঢ্য লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু বিশ্বৰ কেইখনমান নির্দিষ্ট দেশত এইসকল ধনাঢ্য লোকে বসবাস কৰিছে। বেলথ ইন্টেলিজেন্স প্রতিষ্ঠান অলট্রাটাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি বিশ্বত প্রতি পঞ্চমজন অতি ধনাঢ্য লোকে কেৱল ১০ খন শীর্ষ চহৰত বসবাস কৰিছে।
বিশ্বৰ এনে ১০ খন চহৰৰ মাজত আছে আমেৰিকাৰ সাতখন চহৰ। সাধাৰণতে মুঠ সম্পত্তিৰ পৰিমাণ ৩০ নিযুত ডলাৰতকৈ অধিক হ’লে সেই ব্যক্তিক অতি ধনাঢ্য গণ্য কৰা হয়। অলট্ৰটাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, নিউ য়র্কত বিশ্বৰ ভিতৰতে সৰ্বাধিক ২১,৩৮০ জন অতি ধনাঢ্য লোকে বাস কৰে।
যোৱা বছৰৰ তুলনাত নিউয়র্কত অতি ধনাঢ্যৰ সংখ্যা ২৩ শতাংশ বৃদ্ধি পালে। হংকঙত বিশ্বৰ দ্বিতীয় সর্বাধিক ১৭,২১৫ জন অতি ধনাঢ্যই বসবাস কৰে আৰু যোৱা ছমাহত হংকঙত এনে ধনাঢ্যৰ সংখ্যা ১১.৫ শতাংশ বৃদ্ধি পালে।
অতি ধনাঢ্য ১১,৬৮০ জন লোকে লছ এঞ্জেলছত, ৮,২৭০ জন লোকে ছেন ফান্সিস্কোত, ৭,৫৩০ জন লোকে ছিকাগোত, ৬,৫৩০ জন লোকে ডলাছত, ৬,৪৬০ জন লোকে রাশিংটন ডিচি, ৫,৯০০ জন লোকে হিউস্টনত, ৬,৯৪০ জন লোকে টকিঅ’ত আৰু ৬,৬৬০ জন লোকে লণ্ডনত বসবাস কৰে।
