সন্ধান পোৱা গ’ল পৃথিৱীৰ দ্বিতীয় চন্দ্ৰৰ ! 

IMG 20251025 115040

এটা নহয়, দুটা চন্দ্র বা উপগ্রহ আছে পৃথিৱীৰ। এয়া অৱশ্যে কোনো কল্পকাহিনী নহয়; বৰঞ্চ বাস্তৱতে দুটা উপগ্ৰহৰ সন্ধান পোৱা গৈছে বুলি দাবী কৰিছে নাছাৰ একাংশ বিজ্ঞানীয়ে। বিজ্ঞানী মহলে আৱিষ্কাৰ কৰিছে যে ২০৮৩ পর্যন্ত পৃথিৱীৰ দুটা চন্দ্ৰ দেখা যাব। সামাজিক মাধ্যমৰ সমান্তৰালকৈ মূলধাৰাৰ একাংশ সংবাদ মাধ্যমতো এই দাবী কৰা হৈছে। যাক লৈ ভিন্ন মতো পোষণ কৰিছে বহুতে। তেওঁলোকৰ মতে, এয়া সম্পূর্ণ সত্য নহয়।

প্রতিবেদন অনুসৰি, যোৱা পহিলা অক্টোবৰৰ পৰা মার্কিন যুক্তৰাষ্ট্ৰত চৰকাৰী অচলাৱস্থা আৰম্ভ হোৱাৰ পাছৰে পৰা সকলো জন সংযোগ স্থগিত কৰিছে নাছাই ফলত নাছাই সম্প্রতি ‘কোৱাছি-মুন’ বা ‘আধা চন্দ্র’ অথবা দ্বিতীয় চন্দ্ৰৰ উপস্থিতি নিশ্চিত কৰিছে বুলি যি দাবী কৰা হৈছে, তাৰ কোনো প্রমাণ নাই।

প্রকৃত কথাটো কি? একাংশ জ্যোতির্বিজ্ঞানীয়ে সম্প্রতি এটা নতুন মহাকাশীয় বস্তু আৱিষ্কাৰ কৰিছে, যাৰ নাম ৰখা হৈছে ‘২০২৫পিএন৭’।জ্যোতির্বিজ্ঞানীসকলে ধাৰণা কৰিছে যে বিগত কিছু দশক ধৰি ই পৃথিৱীৰ সমান্তৰালকৈ সূর্যক প্রদক্ষিণ কৰি আছে।

জনা গৈছে যে প্রায় ৬০-১২০ ফুট ব্যাসৰ এই ক্ষুদ্র বস্তুটো এটা ‘আধা-চন্দ্র’। ধ্রুপদী অৰ্থত ই চন্দ্র বা উপগ্রহ নহয়, কাৰণ ই মহাকর্ষীয়ভাবে পৃথিৱীৰ স’তে আৱদ্ধ নহয়।এতিয়া প্রশ্ন হয় যে এই ‘কোৱাছি-মুন’ কি? আচলতে ই হৈছে গ্রহাণু, যি সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ দৰে একেটা কক্ষপথতে পৰে। সেইবোৰ একেটা সোঁতত ভাসমান দুখন পৃথক নাৱৰ দৰে। এই বস্তুবোৰে একেটা কক্ষপথতে বছৰৰ পাছত বছৰ আনকি কে’বা দশক ধৰি অৱস্থান কৰিব পাৰে আৰু তাৰ পাছত দূৰলৈ আঁতৰি যাব পাৰে।

সাম্প্রতিক ঘটনাৰ ক্ষেত্ৰত ‘২০২৫পিএন৭’-এ প্রায় ৬০ বছৰ ধৰি পৃথিবীৰ সমান্তৰালকৈ সূর্যক প্রদক্ষিণ কৰি আছে তথা ২০৮৩ পর্যন্ত এয়া অব্যাহত থাকিব বুলি ধাৰণা কৰা হৈছে। এইবোৰ অনির্দিষ্টকালৰ বাবে পৃথিৱীৰ কক্ষপথত নাথাকে।

‘২০২৫পিএন৭’ৰ ওপৰত সাম্প্রতিক এক গৱেষণাৰ সহযোগী লেখক তথা গৱেষক কার্লোছ দে লা ফুৱেন্তে মাৰ্কোছৰ মতে, মহাকাশৰ এই শিলটোৱে তাৰ সবাতোকৈ কাষৰ সময়ত পৃথিৱীৰ এক লাখ ৮৬ হেজাৰ মাইলৰ মাজেদি যাব।

এবিচি৭ নিউ য়ৰ্কৰ প্রতিবেদনত কোৱা হৈছে যে নাছাৰ তথ্য অনুসৰি, ‘২০২৫পিএন৭’ আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্ব হৈছে দুই লাখ ৩৮ হেজাৰ ৮৫৫ মাইল। মার্কোছে এক ই-মেইলত লিখিছে, ‘বর্তমানে উপলব্ধ টেলিস্কোপসমূহে কেৱল তেতিয়াই ইয়াক চিনাক্ত কৰিব পাৰে, যেতিয়া ই আমাৰ গ্ৰহৰ একেবাৰে ওচৰলৈ আহে, যিটো এই গ্রীষ্মত হৈছে।

সৌৰজগত বিস্ময়ৰে ভৰা, সেয়ে আমি অনুসন্ধান অব্যাহত ৰাখিছো।পৃথিৱীয়ে দ্বিতীয় চন্দ্র নাপালেও ‘২০২৫পিএন৭’ৰ আৱিষ্কাৰ মহাকাশ গৱেষণাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়, যি আমাৰ সৌৰজগতৰ গতিশীল প্ৰকৃতিৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে এই শেহতীয়া সংযোজনৰ ফলত এতিয়া পৃথিৱীৰ সমান্তৰালকৈ মহাকাশত ভ্রমণকাৰী আঠটা ‘কোৱাছি-মুন’ বা আধা-চন্দ্ৰৰ পৰিচয় পোৱা গ’ল।

Exit mobile version