Baba Vanga’s 2025 predictions:✒️বছৰটো শেষ হোৱাৰ কিছুদিনৰ পূর্বেই পুনৰ শিৰোনামলৈ আহিছে বাবা ভাংগা। বুলগেৰিয়াৰ এই অন্ধ ভৱিষ্যৎদ্রষ্টাগৰাকীয়ে বহু আগতেই ২০২৬ত সমগ্ৰ বিশ্বজুৰি ভয়াৱহ আর্থিক অস্থিৰতাৰ ইংগিত প্রদান কৰিছে। সেই সূত্র ধৰিয়ে একাংশ বিশেষজ্ঞই আগন্তুক বৰ্ষত সোণৰ মূল্যবৃদ্ধিৰ আগতীয়া আভাস দিছে।
আর্থিক নিৰাপত্তাৰ সোপানৰূপে সোণকেই বহুতে প্রাধান্য দিয়ে। এই ধাতু সংগ্ৰহত ৰাখিলে বিপদে-আপদে সাধাৰণ মানুহো বক্ষা পৰে। সোণ সঞ্চয়ত থাকিলে আর্থিক নিৰাপত্তা সুনিশ্চিত হয়।
দাবী কৰা হৈছে যে ২০২৬ বর্ষটো এক ভয়াৱহ বিপৰ্যয়ৰ মাজেৰে অতিবাহিত হ’ব। প্রযুক্তি,ৰাজনীতি, অর্থনীতি আদি প্রায় সকলো ক্ষেত্রতে ঘটিব পাৰে বৃহৎ অঘটন। যদিও এইবোৰ ভবিষ্যদ্বাণীৰ কোনো প্রামান্য নথি নাই।
অৱশ্যে বাবা ভাংগাৰ সমর্থকসকলে ধাৰণা কৰে যে যিহেতু অতীতত এই ভবিষ্যৎদ্রষ্টাৰ বহু গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী সত্য হৈছে, সেয়ে এইবাৰো হয়তো এয়া আখৰে আখৰে ফলিয়াব। বাবা ভাংগাৰ ভৱিষ্যদ্বাণীসমূহ বিশ্লেষণ কৰিলে বুজা যাব যে তেওঁ ২০২৬ত পোনপটীয়া আর্থিক সংকটৰ ইংগিত দিছে।
সেই ইংগিত মানিয়ে ধাৰণা কৰা হৈছে যে সোণৰ দাম আগন্তুক বর্ষত আকাশলংঘী হ’ব। লগতে ঐতিহাসিকভাৱেও যিকোনো বিপর্যয় বা মন্দাৰ সময়ত যে সোণৰ দাম হু-হুৱাই বাঢ়ে, সেয়া সকলোৱে অতীত দেখা পাইছে।
অতীতৰ বিশ্বব্যাপী সংকটসমূহতো সোণৰ দাম ২০-৫০ শতাংশ পর্যন্ত বৃদ্ধি পাইছিল। একাংশ বিশেষজ্ঞই দাবী কৰিছে যে যদি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সত্য হয়, তেন্তে ২০২৬ৰ দীপাৱলী (অক্টোবৰ-নৱেম্বৰ)লৈ ভাৰতত প্রতি ১০ গ্রাম সোণৰ মূল্য হ’বগৈ ১,৬২,৫০০ টকাৰ পৰা ১,৮২,০০০ টকা পর্যন্ত।
বিশ্বব্যাপী যি আর্থিক অনিশ্চয়তা ফুটি উঠিছে, তাৰ ফলত এই ধাতু যিমান পাৰি সঞ্চয় কৰি ৰখাই ভাল।
