Roi Roi Binale:✒️মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰা জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ টিকটৰ মূল্য বৃদ্ধিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ অৱশেষত ওৰ পৰিল। ছবিখনৰ প্ৰযোজক আৰু পৰিচালকৰ হস্তক্ষেপত একমাত্র জুবিন গাৰ্গৰ ছবিৰ বাবেই টিকটৰ মূল্য নির্ধাৰণ ব্যৱস্থাত সংশোধনী অনা হ’ল ছবি তথা ছবিগৃহৰ ব্যৱসায়ী নীতিত।
চলিত নিয়ম অনুসৰি, কোনো এখন ছবিত টিকটৰ অগ্রিম বুকিঙৰ সীমা ৬০ শতাংশ সম্পূৰ্ণ হ’লেই টিকটৰ মূল্য বৃদ্ধি হয়। যেতিয়া বুকিঙৰ হাৰ ৮০ শতাংশ অতিক্রম কৰে, তেতিয়াও টিকটৰ মূল্য স্বয়ংক্রিয়ভাবে বৃদ্ধি হয়; কিন্তু ‘ৰৈ ৰৈ বিনালে’ হ’ল ক্ষণজন্মা শিল্পী জুবিন গাৰ্গৰ সৃষ্টি।
কালি বিয়লিলৈকে প্রচলিত নিয়ম অনুসৰি প্ৰতিটো টিকটৰ মূল্য স্বাভাবিকভাবে বৃদ্ধি হৈছে। অৱশেষত এই নিয়ম প্রযোজ্য নহ’ল জুবিন গাৰ্গৰ সুদীর্ঘ ১৭ বছৰীয়া পৰিকল্পনাৰ ফচল মুক্তি পাবলগীয়া ছবিখনত। প্রযোজিকা গৰিমা শইকীয়া গার্গ তথা ছবিখন নিৰ্মাণৰ লগত জড়িত দলটোৱে আজি সন্ধিয়া এই ঘোষণা কৰে।
ফলস্বৰূপে দর্শকে পূর্বনির্ধাৰিত টিকটৰ মূল্যতে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিমখন ছবি চিত্রগৃহত উপভোগ কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে প্রচলিত নিয়ম অনুসৰিয়ে শনিবাৰৰ পৰা ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য অভাৱনীয় হাৰত ছবিগৃহবোৰত বৃদ্ধি কৰা হৈছিল। একোটা টিকটৰ মূল্য পূর্ব নির্ধাৰিত পৰিমাণতকৈ ১০০-১২০ টকা পর্যন্ত বৃদ্ধি হয়।
তাকে লৈ একাংশই আপত্তি কৰাত অৱশেষত সংশ্লিষ্ট পক্ষবোৰৰ মাজত হোৱা আলোচনা মর্মে ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।
ইপিনে, ছবিখনৰ অগ্রিম বুকিঙৰ ধুমুহা আজিও তীব্র গতিত বয়। দৰ্শকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ চিত্ৰগৃহৰ ইতিহাসতে প্ৰথমবাৰলৈ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দর্শনীৰ ব্যৱস্থা পুৱা পাঁচ বজাতো নির্ধাৰণ কৰা হৈছে।
অহা ৩১ অক্টোবৰত ছবিখনৰ মুক্তিৰ প্ৰথম দিনা লখিমপুৰৰ নক্ষত্র ছবিগৃহত পুৱা পাঁচ বজাতে প্রথমটো দর্শনী আৰম্ভ হ’ব। অভাবনীয় দিশটো এয়ে যে পুৱা পাঁচ বজাতো ছবিখন উপভোগ কৰিবলৈ দৰ্শকৰ ভিৰত অগ্রিম বুকিঙত এটাও টিকট পাবলৈ নাই।
ছবিখনৰ বিতৰক সিদ্ধার্থ গোৱেংকাই সদৰী কৰা অনুসৰি, অসমৰ ৮০ টা চিত্রগৃহত ছবিখন প্রদর্শিত হ’ব। তাৰে ১৩টা চিত্রগৃহ গুৱাহাটীৰ। একেদৰে বহিঃৰাজ্যৰ ৪০টা চিত্রগৃহতো প্রদর্শিত হ’ব জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’।
গোৱেংকাই লগতে সদৰী কৰে যে পৰৱৰ্তী সময়ত ছবিখন বিশ্বৰ ২০ খন দেশতো মুক্তি দিয়াৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। ইতিমধ্যে ছবিখনৰ ১.২ লাখ টিকটৰ অগ্রিম বুকিং কালি দিনৰ ভাগতে সম্পন্ন হয়। অসমৰ বহিঃৰাজ্যত ছবিখন মুক্তি দিয়াৰ স্থানৰ সংখ্যাও আজি বৃদ্ধি হয়। বহিঃৰাজ্যৰ মুঠ ৩৪টা স্থানত প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখনে মুক্তি লাভ কৰিব।
এই স্থানবোৰ হ’ল- মুম্বাই, দিল্লী, বাংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ, চণ্ডীগড়, চেন্নাই, পুনে, কলকাতা, ক’চি, ডেৰাড়ুন, জয়পুৰ, লক্ষ্ণৌ, ইন্দোৰ, ছুৰাট, বাঁচী, পাটনা, ধানবাদ, কয়ম্বটুৰ, গেংটক, দার্জিলিং, শিলিগুৰি, আগৰতলা, ভুৱনেশ্বৰ, কটক, ধৰ্মনগৰ, গোৱা, ইটানগৰ, নাহৰলগুণ, জিৰ’, দ্বৈমুখ, আৰু শ্বিলং।
অগ্রিম টিকট বুকিঙৰে ইতিমধ্যে ইটোৰ পাছত সিটো অভিলেখ স্থাপন কৰিছে ‘ৰৈ ৰৈ বিনালে’ই। অহা ৩১ অক্টোবৰত এজন অন্ধ শিল্পীৰ ৰূপত চিত্রগৃহৰ পৰ্দাত জিলিকি উঠিব জুবিন গাৰ্গ। যিয়ে এদিন সাগৰখন চুই চাবলৈ বিচাৰে। শেষত তেওঁ সাগৰখন স্পর্শও কৰে।
