ভাৰতত প্রতিদিনে ১৩ হেজাৰৰ অধিক ৰেল চলাচল কৰে। ইয়াৰে ভিতৰত আছে ৰাজধানীৰ দৰে দূৰণিবটীয়া ৰেল আৰু লগতে আছে অসংখ্য ল’কেল বেল। ভাৰতত ২৪ টা দবা থকা এখন ৰেলত সাধাৰণতে ১২০০ৰ পৰা ১৩০০ যাত্রী চলাচল কৰে।
উৎসৱৰ বতৰত এই সংখ্যা বৃদ্ধি পায়। সাধাৰণ আৰু শ্লিপাৰ দবাবোৰতো যথেষ্ট ভিৰ হয়। বর্তমান দীপাৱলী আৰু যট পূজাৰ বাবে ৰেলসমূহত প্ৰচুৰ ভিৰ বাঢ়িছে। নির্দিষ্ট কিছুমান পথত যাত্ৰীসকলে প্রচণ্ড ভিৰৰ মাজেৰে ভ্ৰমণ কৰিবলগীয়া হৈছে। আনকি ৰেলত অপেক্ষা-তালিকাৰ টিকটো এতিয়া উপলব্ধ নহয় ।এই ভিৰৰ মাজতে যদি এই কথা কোৱা হয় যে এনে এখন বেলো পৃথিৱীৰ বুকুত আছিল যিখন কেৱল এজন যাত্ৰীৰ বাবে চলোৱা হয়। এই যাত্ৰীগৰাকীও কোনো ধনী শ্ৰেণীৰ নহয়। তেওঁ হৈছে এটা সাধাৰণ পৰিয়ালৰ কন্যা। এই যাত্ৰীগৰাকীক লৈ নির্দিষ্ট ৰেলখনহে চলাচল কৰিছিল। ৰেলখনত আন কোনো যাত্রী চলাচল কৰা নাছিল।
শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও প্রকৃতার্থত তেনে এক ঘটনা ঘটিছিল। তিনি বছৰ ধৰি এখন বৃহৎ ৰেল এগৰাকী যাত্ৰীৰ বাবেই চলোৱা হৈছিল। এই অসাধাৰণ ঘটনা ঘটিছিল জাপানৰ হোক্কাইডো দ্বীপত। দ্বীপটোৰ প্রত্যন্ত গাঁৱৰ কিউ-শিৰাটাকি ষ্টেছনৰ এই কাহিনী। গাঁওখনৰ জনসংখ্যা আছিল মাথোঁ ৪০ জন। কম জনসংখ্যাৰ বাবে স্থানীয়ভাবে গাঁওখনক ‘মৰাগাঁও’ বুলি কোৱা হৈছিল। যাত্ৰীৰ অভাৱত ২০১৩ত জাপান ৰেল বিভাগে এই স্টেছন বন্ধ কৰি দিয়ে।
লোকচানৰ পৰা হাত সাৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছিল। এই গাঁওখনৰ আন কোনো মুৰব্বী ব্যৱস্থা নাছিল। গাঁওবাসীৰ বাবেও বাহিৰলৈ যোৱাৰ কোনো প্রয়োজন নাছিল। সেয়েহে দীর্ঘদিন ধৰি লোকচানৰ সম্মুখীন হোৱাত ৰেল কর্তৃপক্ষই ৰেলৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লয়। কিউ-শিৰাটাকি ষ্টেছনৰ সমীপতে কানা হাৰাডা নামৰ যাত্ৰীগৰাকীৰ ঘৰ। বিদ্যালয়লৈ যোৱাৰ বাবে একমাত্ৰ ভৰসা আছিল ৰেলখন।
সেয়েহে তেওঁলোকৰ ষ্টেছনলৈ ৰেল চলাচল অব্যাহত ৰাখিবলৈ হাৰাডাই কর্তৃপক্ষক আবেদন জনায় আৰু কয় যে ৰেল পৰিসেৱা নাথাকিলে পঢ়া-শুনা অব্যাহত ৰখাটো তেওঁৰ বাবে অসম্ভৱ হ’ব। জাপানৰ ৰেল কর্তৃপক্ষই হাৰাডাৰ শিক্ষাত অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লয়।
ৰেলখন আৰু তিনি বছৰৰ বাবে চলাচল কৰাৰ সিদ্ধান্ত লয় যাতে যোগাযোগ ব্যৱস্থাৰ অভাৱত ছাত্ৰীগৰাকীয়ে বিদ্যালয় এৰিবলগীয়া নহয়। হাৰাডাৰ উপৰি আন দুজনমান যাত্রী কেতিয়াবা ৰেলখনত উঠিছিল। অৱশ্যে বেছিভাগে তেওঁ আছিল একমাত্র যাত্রী। প্রতি পুৱা নির্দিষ্ট ৰেলখনে হাৰাডাক বিদ্যালয়লৈ নিয়াৰ বাবে আহিছিল। সন্ধিয়া তেওঁক ঘৰলৈ পুনৰ লৈ আহিছিল।
অৱশ্যে বিভিন্নজনে দাবী কৰে যে এই কাহিনী সম্পূর্ণ সত্য নহয়। কিয়নো হাৰাডাৰ উপৰি আন কে’বাজনো শিক্ষার্থীয়ে সেই সময়তে ৰেলখনত উঠি যাতায়াত কৰিছিল। ২০১৬ত হাৰাডাৰ স্কুলীয়া শিক্ষা জীৱনৰ অন্ত পৰে আৰু কাকতালীয়ভাবে ষ্টেছনটো বন্ধ কৰি দিয়া হয়।
