পৃথিৱীৰ জন্মৰ অন্তৰালত আছিল বৃহস্পতিৰ বিশাল অৱদান

IMG 20251028 134544

আমাৰ নীলা ৰঙৰ গ্ৰহ পৃথিৱীৰ জন্মৰ অন্তৰালত হেনো আছিল ‘গুৰুগ্রহ’ বৃহস্পতিৰ বিশাল অৱদান। সৌৰজগতত প্রথমে জন্মগ্রহণ কৰা বৃহস্পতিয়েই হেনো নির্ধাৰণ কৰিছিল পৃথিবী তথা আনবোৰ গ্ৰহৰ ভৱিষ্যৎ। সাম্প্রতিক এক সমীক্ষাত এই চাঞ্চল্যকৰ দাবী জনাইছে এদল বিজ্ঞানীয়ে।

চলিত সপ্তাহতে তেওঁলোকৰ এই সংক্রান্তীয় এখন গৱেষণাপত্র প্রকাশ পাইছে বিজ্ঞানৰ নামী জার্ণেল ‘ছায়েন্স এডভান্স’ত। তাৰ পৰাই জনা গৈছে বৃহস্পতিৰ অৱদানৰ কথা। কোৱা হৈছে যে সূৰ্যৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখি পৃথিৱীক কাৰ্যতঃ ৰক্ষা কৰিছে সৌৰজগতৰ সৰ্ববৃহৎ গ্রহটোৱে। নহ’লে সূৰ্যৰ আকৰ্ষণত জুইৰ কুণ্ডত জাঁপ দিলেহেঁতেন আমাৰ নীলা গ্রহে।

ফলত অচিৰেই ছাই হ’লহেঁতেন।আমেৰিকাৰ হিউস্টনৰ ৰাইচ বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ সমীক্ষাত একাধিক চমকপ্রদ তথ্য পোৱা গৈছে। জনা গৈছে যে সৌৰজগতত প্রথমে জন্ম হয় বৃহস্পতিৰ আৰু দ্রুতহাৰত ই বাঢ়িবলৈ ধৰে।

লগতে মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণ-বিকৰ্ষণৰ টনা-আঁজোৰাত এটা নির্দিষ্ট কক্ষ সৃষ্টি কৰে। ইয়াৰ পাছত পৃথিৱীৰ জন্মৰ সময়ত বৃহস্পতিয়ে ইয়াক আগুৰি ৰাখিছিল সেই নির্দিষ্ট দূৰত্ব বজাই ৰাখি।

গুৰুগ্ৰহৰ বাবে সূৰ্যৰ প্ৰৱল আকর্ষণ সত্ত্বেও তাত জাঁপ নিদিলে পৃথিৱীয়ে। অন্যথা জন্মলগ্নতে সূর্যই পৃথিৱীক গ্রাস কৰিলেহেঁতেন। কেৱল আগুৰি ৰখাই নহয়, লাহে লাহে সূর্যক পাক খাই খাই এনে এটা দূৰত্বত উপনীত কৰে, য’ত প্রাণ ধাৰণৰ উপযুক্ত পৰিৱেশ গঢ়ি উঠে। ফলত নীলা গ্ৰহক মানুহৰ বসবাসৰ যোগ্য কৰি তোলাৰ অন্তৰালত বৃহস্পতিয়ে অতি বৃহৎ ভূমিকা পালন কৰিছিল।

ইয়াৰ পাছত লাহে লাহে শুক্র, মঙল গ্ৰহৰ জন্ম হয়। সেইবোৰ গ্রহে নিজ নিজ কক্ষপথত থিতাপি লয়। ইয়াৰ অন্তৰালতো আছে গুৰুগ্ৰহৰ অৱদান। ৰাইচ বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু সৌৰ বিভাগৰ বিজ্ঞানী তথা সাম্প্রতিকতম গৱেষক দলৰ অন্যতম আন্দ্রে ইজিদ্রোৱে জনাইছে যে বৃহস্পতিয়ে সৌৰজগতৰ বৃহত্তম গ্ৰহৰ আখ্যা লৈয়েই থমকি ৰোৱা নাছিল।

প্রকৃত অগ্ৰজৰ দৰে বাকী গ্রহবোৰকো সুৰক্ষা দি আছে। কেৱল সেয়া নহয়, সৌৰজগতত কোনটো গ্ৰহৰ অৱস্থান ঠিক কোন ঠাইত হ’ব সেয়াও নির্ধাৰণ কৰিছে বৃহস্পতিয়ে। নিজৰ অৱস্থান আৰু আয়তনৰ নিৰিখত সূৰ্যৰ পৰা বাকী গ্রহসমূহৰ দূৰত্ব স্থিৰ হৈছে। ইজিদ্রোৰ মতে, যদি বৃহস্পতি নাথাকিলহেঁতেন, তেতিয়া হ’লে হয়তো আজিৰ পৃথিৱীও নাথাকিলহেঁতেন।

Exit mobile version