আমি প্ৰায়েই এনে এক অদ্ভুত অনুভূতিৰ সন্মুখীন হওঁ যে কোনো এটা ঘটনা ঘটি আছে, অথচ এনেকুৱা অনুভৱ হয় যে ঠিক এই মুহূর্তটো আগতেও ঘটিছিল। এই অদ্ভুত অভিজ্ঞতাকে কোৱা হয় ‘দেজা ভু’।
অর্থাৎ কেতিয়াবা জানো হঠাৎ কোনো মুহূর্তত এনে লাগিছে যেন সেই দৃশ্য বা কথোপকথন আগতেও ঘটিছিল? এই অদ্ভুত অনুভূতিয়েই হৈছে ‘দেজা ভু’। ইমানদিনে বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে এনে অনুভূতি আচলতে মস্তিষ্কৰ একপ্ৰকাৰৰ বিভ্রম বা স্মৃতিৰ খেলিমেলি।
অৱশ্যে সাম্প্রতিক গৱেষণাই দাবী কৰিছে যে ‘দেজা ভু’ হয়তো কেৱল এক মানসিক ত্রুটি নহয়, বৰঞ্চ সময় আৰু চেতনাৰ ৰহস্যময় সংযোগৰ ফল! ক’ব পাৰি যে ই ভৱিষ্যতৰ কোনো ঘটনাৰ জিলিকনি। ‘দেজা ভু’ হৈছে এটা ফৰাচী শব্দ, যাৰ অৰ্থ ‘ইতিমধ্যেই দেখা’।
ই এনে এক অনুভূতি যেতিয়া আপুনি কোনো নতুন পৰিস্থিতিত এনেকুৱা অনুভৱ কৰে যেন আপুনি ইয়াক আগতেও দেখা পাইছে বা অভিজ্ঞতা হৈছে, যদিও আপুনি জানে যে এয়া প্ৰথমবাৰলৈ ঘটিছে।
‘প্রিকগনিচন’ নামৰ এক তত্ত্ব অনুসৰি, মস্তিষ্কই কেতিয়াবা কেতিয়াবা এনে স্মৃতি সৃষ্টি কৰিব পাৰে যিটো আচলতে এতিয়ালৈকে ঘটাই নাই। অর্থাৎ মানুহৰ চেতনা কেৱল সময়ৰ সোঁতত সম্মুখৰ দিশলৈকে বৈ নাযায়, কেতিয়াবা ই ভৱিষ্যতৰ দিশেও প্ৰসাৰিত হ’ব পাৰে।
বিজ্ঞানীসকলে কৈছে যে এই ব্যাখ্যাই ‘দেজা ভু’ৰ ৰহস্য উন্মোচনত এক নতুন দিশ খুলি দিব পাৰে। ১৯৯০ৰ দশকৰ পৰাই এই বিষয়ত গৱেষণা অব্যাহত আছে। সাম্প্রতিক কিছু গৱেষণাৰ ফলাফলতো দেখা গৈছে যে মানুহৰ মস্তিষ্কই সময়ক সকলো সময়তে সৰলৰেখাত উপলব্ধি নকৰে।
বৰঞ্চ কিছু সময়ত ই অতীত তথা ভৱিষ্যতৰ অভিজ্ঞতাকো একেলগে ‘ধৰা’ দিব পাৰে। গৱেষকসকলৰ ভাষাত, মস্তিষ্কই তেতিয়া কাম কৰে একপ্ৰকাৰৰ দুই দিশমুখী ৰেডিঅ’ৰ দৰে। যি অতীত তথা ভৱিষ্যতৰ তথ্য একেলগে প্ৰেৰণ কৰে আৰু গ্ৰহণ কৰে। ফলত ‘দেঝা ভু’ হ’ব পাৰে নিজৰ কাষৰ পৰাই পোৱা ভৱিষ্যতৰ এক ক্ষীণ সংকেত।
বিজ্ঞানীসকলৰ এটা পক্ষই আৰু আগুৱাই গৈ কৈছে যে ইয়াৰ অন্তৰালত থাকিব পাৰে কোৱান্টাম চেতনা নামৰ এক ৰহস্যময় প্রক্রিয়া। আনকি ৭০ৰ দশকত মার্কিন চিআইএই যেতিয়া ‘প্রিকগনিচন’ বা ‘ভবিষ্যৎ অনুভৱ’ক লৈ গোপন গৱেষণা কৰিছিল, তাৰ স’তেও এই তত্ত্বৰ মিল পোৱা গৈছে।
অৱশ্যে এই দাবী এতিয়াও সম্পূর্ণৰূপে প্রমাণিত হোৱা নাই। বিজ্ঞানীসকলে স্বীকাৰ কৰিছে যে বিষয়টো এতিয়াও অনুমাননিৰ্ভৰ আৰু ইয়াৰ বাস্তৱতা নিশ্চিত কৰিবলৈ আৰু গভীৰ গৱেষণাৰ প্ৰয়োজন আছে। তথাপি এই তত্ত্বই মানুহৰ স্মৃতি, সময়বোধ আৰু বাস্তৱতাৰ ধাৰণাক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে।
