ভাৰতীয়ৰ মাজত বিদেশত বসবাসৰ আগ্রহ ক্রমে বৃদ্ধি পাইছে। কেৱল অধ্যয়ন বা কর্মসংস্থাপনৰ কাৰণতে নহয়, বৰঞ্চ নাগৰিকত্বৰ বাবে ভাৰত ত্যাগ কৰা লোকৰ সংখ্যা দেশত বৃদ্ধি পাইছে। আর্থিক সহযোগ আৰু বিকাশ সংগঠন (অ’ইচিডি) ৰ নতুন প্রতিবেদন ইণ্টাৰনেচনেল মাইগ্রেচন আউটলুক ২০২৫ৰ তথ্য অনুসৰি, ২০২৩ বৰ্ষত প্রায় ২.২৫ লাখ ভাৰতীয় নাগৰিকে অ’ইচিডিৰ সদস্য দেশৰ নাগৰিকত্ব অর্জন কৰিছিল।এয়া আছিল বর্তমানলৈকে এক অভিলেখ।
প্রতিবেদনত লগতে উল্লেখ কৰা অনুসৰি, ভাৰত ত্যাগ কৰা নাগৰিকৰ বাবে সবাতোকৈ পছন্দৰ দেশখন আছিল কানাডা। ২০২৩৩ ৭৮,৪৮৭ জন ভাৰতীয়ই কানাডাৰ নাগৰিকত্ব লাভকৰিছিল। ২০২২ত এই সংখ্যা আছিল ৫৯,৪০৫ জন। ২০১৩ত মাত্র ১৫,৩৮৮ জন ভাৰতীয়ই কানাডাৰ নাগৰিকত্ব গ্রহণ কৰিছিল।
কানাডাৰ স্থিৰ নীতি, স্থায়ী বসবাসৰ সহজ প্রক্রিয়া আৰু কর্মসংস্থাপনৰ সুবিধাই ভাৰতীয় বিশেষভাবে আকর্ষিত কৰি আহিছে। কানাডাৰ পাছত স্থায়ী বসবাসৰ বাবে ভাৰতীয়ৰ দ্বিতীয় পছন্দৰ দেশ হৈছে আমেৰিকা আৰু অস্ট্রেলিয়া।
২০২৩৩ আমেৰিকাত ৫২,৩৬০ জন ভাৰতীয়ই নাগৰিকত্ব লাভ কৰিছিল। ২০২২ত আমেৰিকাত নাগৰিকত্ব লাভ কৰা ভাৰতীয়ৰ সংখ্যা আছিল ৬৬,৬৭০ জন। ২০২৩ত অস্ট্রেলিয়াত নাগৰিকত্ব গ্ৰহণ কৰিছিল ৪০,৩৬১ জন ভাৰতীয়ই।
