ইতিহাস সৃষ্টি কৰি নিউ য়ৰ্কৰ প্ৰথমজন মুছলমান মেয়ৰ নির্বাচিত মামদানি

IMG 20251106 132520

জনতাৰ ঐক্যবদ্ধ শক্তিৰ ওচৰত হাৰ মানিলে ধনবলে। পুঁজিপতিৰ আশীর্বাদপুষ্ট প্রার্থীক

শোচনীয়ভাৱে পৰাজিত কৰি নিউ য়ৰ্কৰ প্ৰথমজন ইছলামধর্মী মেয়ৰৰূপে নির্বাচিত হৈ ইতিহাস ৰচনা কৰিলে ভাৰতীয় মূলৰ চিত্ৰ নির্মাতা মীৰা নায়াৰৰ পুত্ৰ জোহৰান মামদানিয়ে। সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰা এই নির্বাচনত ডেম’ক্রেট দলৰ প্রার্থী মামদানিয়ে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ৰিপ্লাবিকান দলৰ কাৰ্টিছ স্লিৱা আৰু নিউ য়ৰ্কৰ প্ৰাক্তন ডেম’ক্রেট দলৰ মেয়ৰ এন্ড্রু কুম’ক শোচনীয়ভাৱে পৰাস্ত কৰে। আজি ঘোষিত ফলাফল অনুসৰি বিজয়ী মামদানিয়ে ৯,৪৮,২০২টা ভোট লাভকৰাৰ বিপৰীতে প্ৰাক্তন মেয়ৰ কুম’ৰ পক্ষে ৭,৭৬,৫৪৭টা ভোট আৰু ৰিপ্লাবিকান দলৰ ট্রাম্প সমর্থিত স্লিৱাৰ পক্ষে ১,৩৭,০৩০টা ভোট পৰে। শতাংশ হিচাপত বিজয়ী প্রার্থীজনে ৫০.৬ শতাংশ ভোট লাভ কৰে। তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কুম’রে ৪১.৩ শতাংশ ভোট লাভ কৰে। ইয়াৰ বিপৰীতে ৰিপ্লাবিকান শিবিৰৰ প্ৰাৰ্থীজনে মাত্র ৭.১ শতাংশ ভোট লাভকৰিয়ে সন্তুষ্ট থাকিবলগীয়া হয়। গতিকে এইবাৰৰ নিউ য়ৰ্কৰ মেয়ৰ নিৰ্বাচনৰ মূল যুঁজ ডেম’ক্রেট নেতাদ্বয়ৰ মাজতে সীমাবদ্ধ থাকে। মামদানিৰ জয়ক লৈ সমগ্র বিশ্বতে আলোড়ন উঠিছে। মামদানিয়ে মুঠ ১০,৩৬,০৫১টা ভোট লাভ কৰে।

উল্লেখ্য যে মামদানি হৈছে প্রসিদ্ধ ভাৰতীয় ছবি নির্মাতা মীৰা নায়াৰ আৰু উগাণ্ডাত জন্মগ্রহণ কৰা প্ৰখ্যাত ইতিহাসবিদ মাহমুদ মামদানিৰ পুত্ৰ। তেওঁ হৈছে নিউ য়ৰ্কৰ মেয়ৰ নিৰ্বাচিত হোৱা দক্ষিণ এছিয়া মূলৰ প্ৰথমজন ব্যক্তি। একেদৰে তেওঁ নিউ য়ৰ্কৰ প্ৰথমজন মুছলমান মেয়ৰ। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, মামদানিৰ বিজয়ে বহু কথাই কৈছে। জনতাৰ ইচ্ছাৰ ওচৰত যে ধনবলৰ শক্তি নিশকতীয়া, তাকো ডেম’ক্রেট প্রার্থীজনৰ জয়ে প্রতিপন্ন কৰিলে বুলি ৰাজনৈতিক বিশ্লেষকসকলে একেমুখে প্রকাশ কৰিছে। উল্লেখ্য যে ৰিপ্লাবিকান শিবিৰৰ স্লিৱাৰ পশ্চাদত আছিল বৃহৎ বৃহৎ মার্কিন পুঁজিপতি। এইসকলৰ অন্যতম হ’ল এলন মাস্ক। মাস্কে কালি নির্বাচনত বেমেজালি সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে বৃহৎ পুঁজিপতিজনৰ এই অভিযোগ যুক্তিৰে খণ্ডন কৰা হৈছে।

জয়লাভৰ পাছত প্রথম বক্তৃতাত নেহৰুক সুঁৱৰিলে মামদানিয়ে

নিউ য়ৰ্কৰ মেয়ৰ নিৰ্বাচনত জয়ৰ পাছতে জনতাক উদ্দেশি দিয়া প্রথম ভাষণত মামদানিয়ে ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ ‘অদৃষ্টৰ স’তে মোৰ সাক্ষাৎ’ শীর্ষক বাণী আওৰায়। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত নেহৰুরে দিয়া প্রথমটো ভাষণত সন্নিৱিষ্ট এই বাণী উল্লেখ কৰি মামদানিয়ে কয়, ‘আপোনালোকৰ ওচৰত থিয় হৈ আজি মোৰ জৱাহৰলাল নেহৰুৰ কথা মনত পৰিছে। ইতিহাসত এই মুহূৰ্তটো বিৰল। আমি পুৰণিৰ পৰা নতুনৰ দিশে আগবাঢ়িম। এটা যুগ শেষ হ’ল, দীর্ঘদিন ধৰি চেপি ৰখা এটা জাতিৰ আত্মাই নতুন ভাষা বিচাৰি পালে।’ ভাষণত তেওঁ লগতে দাবী কৰে যে নিউ য়র্কত নতুন দিনৰ সূচনা হ’বলৈ ধৰিছে। উল্লেখ্য যে সম্প্রতি ৩৪ বছৰীয়া মামদানি হৈছে নিউ য়ৰ্কৰ সৰ্বকনিষ্ঠ মেয়ৰ। তেওঁ কমিউনিষ্ট বুলিও চর্চিত হয়।

ভার্জিনিয়া-নিউজাৰ্চিৰ গৱৰ্ণৰ নিৰ্বাচনতো ট্রাম্পৰ দলৰ শোচনীয় পৰাজয়

ট্রাম্পৰ দ্বিতীয়টো ৰাষ্ট্ৰপতি কাৰ্যকালৰ এবছৰ পূৰ নৌহওঁতেই তেওঁৰ সমৰ্থনৰ ভেটিত খহনীয়াৰ সৃষ্টিৰ আভাস স্পষ্ট হৈছে। নিউ য়ৰ্কৰ মেয়ৰ নিৰ্বাচনত ৰিপ্লাবিকান শিবিৰৰ প্ৰাৰ্থীৰ শোচনীয় পৰাজয়ে এই কথা প্রতিপন্ন কৰিছে। তদুপৰি ভার্জিনিয়া আৰু নিউজার্চি গৱৰ্ণৰ নিৰ্বাচনতো ট্রাম্পৰ প্রার্থীয়ে মুখথেকেচা খাইছে। নিউজাৰ্চিত ৰিপ্লাবিকান প্রার্থী জেক ছিয়াটাৰেলিয়ে ৪৩.২ শতাংশ (মুঠ ভোটৰ ৭৯ শতাংশ গণনাত) লাভ কৰে। একেদৰে ভার্জিনিয়াত শাসক দলৰ প্ৰাৰ্থী উইনছ’ম এবলিছিয়ে ৪২.৩ শতাংশ (মুঠ ভোটৰ ৯৫ শতাংশ গণনাত) ভোট লাভ কৰে। এই দুয়োখন প্রদেশত ডেম’ক্রেট প্রার্থীয়ে জয়লাভ কৰে। অৱশ্যে বিগত ৰাষ্ট্ৰপতি নির্বাচনতো ট্রাম্প এই দুখন প্রদেশত পৰাজিত হৈছিল।

কোনো কাউন্টিতে থাউনি নাপালে ৰিপ্লাবিকান স্লিৱাই

নিউ য়ৰ্কৰ মেয়ৰ নিৰ্বাচনৰ মূল যুঁজলৈ আহিবলৈ সক্ষম নোহোৱা ৰিপ্লাবিকান শিবিৰৰ প্রার্থী স্নিৱাই কোনো কাউন্টিতে থাউনি নাপালে। উল্লেখ্য যে নিউ য়র্ক মহানগৰ পৰিষদ মানহাটান, ব্রুকলিন, কুইন্স, ব্র’ংকছ আৰু ষ্টেটেন দ্বীপ কাউন্টিৰে গঠিত। নির্বাচনী ফলাফলত দেখা গ’ল যে এই পাঁচ কাউল্টিৰ কোনো এখনতো বিশেষ সুবিধা ল’ব নোৱাৰিলে স্লিৱাই। চাৰিখন কাউন্টিত মূল যুঁজ হয় দুই ডেম’ক্রেট নেতাৰ মাজত। প্রাক্তন মেয়ৰ কুম’ৱে একমাত্র ষ্টেটেন দ্বীপত কিছু অগ্রগতি লাভ কৰে। এই কাউন্টিত মামদানি দ্বিতীয় স্থানত থাকে। আনহাতে, ট্রাম্পৰ প্রার্থী স্লিৱাই মানহাটানত ৩.৪ শতাংশ, ব্রুকলিনত ৪.৯ শতাংশ, ব্রংকছত ৭.১ শতাংশ আৰু কুইন্সত ৯.৭ শতাংশ ভোট লাভ কৰে।

Exit mobile version